অবৈধ গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ এজেপিৰ

A

নিউজ ডেস্ক :


অসমত সংঘটিত গৰু চিণ্ডিকেটৰ জৰিয়তে হোৱা অবৈধ লেনদেন আৰু কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ বুধবাৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰি প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ আছে-ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়েই যিহেতু অবৈধ গৰু ছিণ্ডিকেটৰ তথ্য ৰাজহুৱা কৰিছে, সেয়ে তেওঁৰ এই বক্তব্য অতিশয় গুৰুত্বপূৰ্ণ৷ আৰু সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত হোৱাৰ দাবী তুলিছে দলটোয়ে৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩ জুলাইত নতুন দিল্লীত সংবাদমেল আয়োজন কৰি সদৰী কৰিছিল অসমত গৰু চিণ্ডিকেটত প্ৰতি মাহে এহেজাৰ কোটি টকাৰ অবৈধ লেনদেনৰ কথা।

এজেপিয়ে কয়- মুখ্যমন্ত্ৰীয়ে দাঙি ধৰা তথ্য যদি সঁচা হয় তেনেহ'লে প্ৰতি মাহে এহেজাৰ কোটি টকা হিচাপত বিগত বিজেপি চৰকাৰৰ পাঁচ বছৰত ৬০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন সংঘটিত হৈছে৷কিন্তু অসমত গৰু চিণ্ডিকেট অকল বিগত পাঁচ বছৰ ধৰি চলা নাই, তাৰ বহু আগৰে পৰা চলি আছে৷প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ প্ৰথম কাৰ্যকালৰ শেষৰ ফালে ৰাজ্যত গৰু চিণ্ডিকেট আৰম্ভ হৈ ২০০৬ চনত গঠিত দ্বিতীয়খন চৰকাৰৰ কালত ব্যাপক ৰূপ লোৱা বুলি অভিযোগ উঠি আহিছে৷সেই মৰ্মে ২০০৬চনৰ পৰা বিগত ৩খন চৰকাৰৰ কাৰ্যকালত, মুঠ ১৫ বছৰত ১লাখ ৮০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন হৈছে৷এই কেলেংকাৰী ৰাজ্যৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ কেলেংকাৰী- আঞ্চলিক দলটোৱে কয়।

পত্ৰখনত এজেপি সভাপতি আৰু সম্পাদকদ্বয়ে কয়- 'এই মাৰাত্মক তথ্যটো যিহেতু স্বয়ং মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিছে, নিশ্চয় তেওঁ তথ্য-প্ৰমাণ হাতত লৈয়ে তেনেকৈ কৈছে৷কিন্তু মুখ্যমন্ত্ৰীৰ কাম কেৱল তথ্য ৰাজহুৱা কৰা নহয়, তাৰ তদন্তও কৰোৱা৷ইতিপূৰ্বে অসম জাতীয় পৰিষদে একাধিকবাৰ দাবী উত্থাপন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নাই৷ সেয়ে বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ জৰুৰী৷'

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে  কয়- বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী ২০০৬-২০১৬চনলৈ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰীসভাৰো সদস্য আছিল৷গতিকে এইটো সহজে ধাৰণা কৰিব পাৰি যে উক্ত সময়ছোৱাত হৈ থকা গৰুৰ অবৈধ সৰবৰাহ আৰু লেনদেনৰ ওপৰত তেখেতৰ পৰ্যাপ্ত জ্ঞান থাকিব৷ গতিকে ২০০৬-২০১৬ৰ সময়ছোৱাও তদন্তৰ আওতালৈ আনিলে অপ্ৰত্যাশিত তথ্য উন্মোচিত হ'ব৷।

Your Comments