দিছপুৰৰ বিধায়ক আবাসত চোৰৰ সন্ত্ৰাস: বিধায়ক সুৰেণ ফুকনৰ আৱাসত সোমাল চোৰ

A

নিউজ ডেস্ক :

নিৰাপত্তাৰক্ষীয়ে গিজ-গিজাই থকা দিছপুৰ বিধায়ক আৱাসত চোৰৰ সন্ত্ৰাস।বাজেট অধিৱেশৰ মাজতে মৃণাল শইকীয়াৰ চাইকেল চুৰি ঘটনা মাৰ নৌযাওতে এইবাৰ চোৰৰ হাত পৰিল বিধায়ক সুৰেন ফুকনৰ আৱাসত।চোৰে লুটি নিলে ফুকনৰ পুত্ৰৰ চাইকেল।

উল্লেখ্য  যে নতুন বিধায়ক আবাসৰ দ্বিতীয় মহলাত আছিল ফুকন৷ মঙলবাৰে সংঘটিত হয় চুৰিকাণ্ড।
আৱাসগৃহৰ কোঠাৰ তলা ভাঙি চোৰে লৈ যায় চাইকেলখন।

আনহাতে, নিৰাপত্তাৰক্ষীয়ে গিজ গিজাই থকা উপৰিও চিচিটিভিৰো সংযোজন কৰা আছিল আৱাসত।কিন্তু ৰহস্যজনক ভাৱে চিচিটিভিত চাইকেল চোৰৰ দৃশ্য বন্দী নহ'ল।

গুৰুত্বপূৰ্ণ কথা যে বিগত দুটা মাহত এইয়া তৃতীয় চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বিধায়ক আৱাসত।

Your Comments