বিজ্ঞাপনৰ চমকেৰে ভুৱা উন্নয়নৰ ছবি দেখুৱাইছে হিমন্ত চৰকাৰে

A

নিউজ ডেস্ক:

ৰাইজৰ অসন্তুষ্টি, দল- সংগঠনৰ বিৰোধীতাৰ স্বত্বেও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বর্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰিবলৈ বিজেপি দলে জন-আশীৰ্বাদ যাত্ৰা অব্যাহত ৰখাৰ তীব্ৰ বিৰোধিতা কৰে অসম জাতীয় পৰিষদে। দলটোৰ মতে, বিগত পাঁচ বছৰে অসমবাসীক তিতা-কেঁহা খুওৱা সোণোৱালৰ বিগত চৰকাৰক আৰু বৰ্তমানে তিতা-কেঁহা খুওৱাই থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক অসমবাসীয়ে আশীৰ্বাদ নিদিয়ে৷বিজেপিয়ে যি আম্বানী-আদানীসহ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰি আছে, সেই আদানী-আম্বানীৰ পৰাহে বিজেপিয়ে আশীৰ্বাদ লবলৈ যোৱা প্ৰয়োজন৷

উল্লেখ্য যে এজেপিয়ে গুৱাহাটীৰ আজাৰা, ফটাশিল আৰু দিছপুৰ থানাত মু্খমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ ১২ জনৰ বিৰুদ্ধে আৰু নগাঁও সদৰ থানাত সৰ্বানন্দ সোণোৱালসহ মুঠ ৯ জনৰ বিৰুদ্ধে কোভিড বিধি ভংগ কৰি মহামাৰীৰ বৃদ্ধিৰে জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ সম্বলিত  কৰি এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীৰ ফালৰ পৰাও এজাহাৰ গ্ৰহণ কৰি বিষয়টো তদন্ত কৰিব বুলি আশ্বাস দিছে।

মঙলবাৰে দলৰ সভাপতি লুৰীণ জ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয়- চৰকাৰে ৰাজ্যত এনে এটা পৰিৱেশ সৃষ্টি কৰি থৈছে যে চৰকাৰে কৰি অহা ভুল আৰু ক্ষতিকৰ কামসমূহ ৰাইজে উপলব্ধি কৰিছে যদিও মুখ খুলি কথা কবলৈ আগবাঢ়ি অহা নাই৷ এয়া নৈৰাজ্যবাদ তথা একনায়কত্ববাদৰ লক্ষণ৷ 

জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, "ৰাজ্যৰ চৌদিশে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে৷ চৰকাৰী সহায়ৰ অভাৱত কৃষকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে৷ ব্যৱসায়-বাণিজ্য স্তব্ধ৷ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ব্যৱসায়ৰ লগত জড়িত লোকৰ বাবে জীৱন-জীৱিকা দুঃসহ হৈ পৰিছে৷ নিৰ্বাচনৰ আগত আৰু আনকি পিছত যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেইবোৰ হয় পূৰণ কৰা নাই নহ'লে পূৰণৰ নামত ভেকোভাওনা কৰা হৈছে৷ মুখ্যমন্ত্ৰী তথা অন্য চৰকাৰী বৰমুৰীয়াসকলে কেৱল সংবাদ মাধ্যমৰ আগত বৰ বৰ কথা কৈছে অথচ বাস্তৱৰ সৈতে তাৰ কোনো মিল নাই৷ কেৱল সংবাদ মাধ্যমত বিজ্ঞাপন আৰু পেইড নিউজত কোটি কোটি টকা খৰচ কৰি উন্নয়নৰ এখন ভুৱা ছবি দাঙি ধৰি ৰাইজক আভুৱা ভাৰি থাকিব বিচৰা হৈছে৷ এনে পৰিস্থিতি অব্যাহত থাকিলে ৰাজ্যখনৰ অৱস্থা লাওলোৱা হ'বলৈ বৰ বেছি পৰ নালাগিব৷"

প্ৰেছ বিজ্ঞপ্তিটোত আৰু কয়-  "অসমৰ ইতিহাসত এনে ঘটনা কেতিয়াও ঘটা নাছিল যে দাৰিদ্ৰৰ বাবে মানুহে নিজৰ শৰীৰৰ অংগ বিক্ৰী কৰিবলগীয়া হৈছে বা আত্মহত্যা কৰিবলগীয়া হৈছে৷ কিন্তু এতিয়া দাৰিদ্ৰৰ কৱলত পৰি অসমৰ বিভিন্ন ঠাইৰ মানুহে বৃক্ক (কিডনি) বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ ইতিপূৰ্বে একাধিক ওলা-উবেৰ চালকে মাহিলী কিস্তিৰ ধন দিব নোৱাৰি আত্মহত্যা কৰিছে৷ তিনি সপ্তাহৰ পূৰ্বে গুৱাহাটীৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী, 'ইগনাইচন প্ৰিন্টিং প্ৰেছ'ৰ স্বত্বাধিকাৰী তপন পাটগিৰিয়ে লকডাউনৰ আৰ্থিক ক্ষতি পূৰাব নোৱাৰি আত্মহত্যা কৰিছে৷ একেদৰে লখিমপুৰৰ বিজেপি নেতা তথা ঠিকাদাৰ মিঠুৰঞ্জন দাসে ঠিকাৰ ধন আদায় নোপোৱাত আত্মহত্যা কৰাৰ বাতৰি ইতিমধ্যে ভাইৰেল হৈছে।

দ্ৰব্যৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰি বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে বক্তব্য দিয়াৰ পিছত চৰকাৰখনৰ ওপৰত ৰাইজে আস্থা-বিশ্বাস আৰু আশা হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, "ব্যৱসায়-বাণিজ্য নাই, কৃষকৰ পথাৰত খেতি নাই, শ্ৰমিকৰ হাতত কাম নাই, ৰাইজৰ জেপত ধন নাই, হাস্পতালত উপযুক্ত চিকিৎসা নাই, থলুৱা ঠিকাদাৰৰ বিল নাই, বেংকৰ কিস্তি আদায় কৰা এজেন্টৰ উৎপাতত ঋণগ্ৰস্ত ব্যৱসায়ী-ঠিকাদাৰ-গাড়ীৰ মালিকৰ টোপনি নাই; - এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী তথা অন্য বৰমুৰীয়াসকলে হেলিকপ্টাৰ লৈ ঘুৰা আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক আদৰণি জনোৱাৰ নামত জন-আশীৰ্বাদ যাত্ৰা কৰা আদি কাৰ্যবোৰ জনসাধাৰণৰ প্ৰতি কাৰ্যতঃ এটা উপহাসহে৷  আৰু জনসাধাৰণক উপহাস কৰা চৰকাৰ এখন কেতিয়াও জনকল্যাণকামী হ'বই নোৱাৰে৷"

ৰাইজৰ চৰম দুৰ্দশাৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজৰ মনৰ বেদনা উপলব্ধি নকৰি কেৱল বিজ্ঞাপনৰ জৰিয়তে ভুৱা উন্নয়নৰ ছবি দাঙি ধৰিব খোজা কাৰ্য দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কেন্দ্ৰীয় চৰকাৰৰ 'নেচনেল মনিটাইজেচন আঁচনি'ৰ তীব্ৰ বিৰোধিতা কৰে আৰু কয় যি সময়ত দেশ আৰ্থিক মন্দাৱস্থাৰ কৰাল গ্ৰাসত পৰিছে, তেনে সময়ত চৰকাৰে ৰোগগ্ৰস্ত চৰকাৰী উদ্যোগসমূহক পুনৰোজ্জীৱিত কৰা ব্যৱস্থা হাতত লব লাগিছিল৷ কিন্তু তাৰ সলনি দেশৰ লাভজনক খণ্ডৰ ৪০০টা ৰে'ল ষ্টেচন,  ৯০ খন পেছেঞ্জাৰ ৰে'লগাড়ী, ১৫খন ৰে'লৱে ষ্টেডিয়াম, ২৫টা বিমান বন্দৰ আৰু ১৬০খন কয়লা ক্ষেত্ৰ আদি ৬ লাখ কোটি টকাত ব্যক্তিগত খণ্ডক বিক্ৰি কৰি কৰিব বিচাৰিছে৷ এনে কাৰ্য কোনো অৱস্থাত সমৰ্থন কৰিব নোৱাৰি বুলি উল্লেখ কৰি নেতাদ্বয়ে কয় যে ৰাইজৰ দুৰ্দশাৰ সময়ত ৰাইজৰ হকে কাম কৰাটো ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ দায়িত্ব৷ কিন্তু তাকে নকৰি বৰ্তমানৰ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে অকল আদানী-আম্বানী আদি পুঁজিপতিৰ কল্যাণৰ হকে কাম কৰি আছে৷ এনে অৱস্থাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা কোনো এজনৰে ৰাইজৰ পৰা আশীৰ্বাদ বিচৰাৰ নৈতিক অধিকাৰ নাই৷

Your Comments