মুকুট শৰ্মাৰ “গো-মাংস গো মাতা গাহৰি আৰু সাম্প্ৰদায়িকতা” শীৰ্ষক গ্ৰন্থ উন্মোচন

Press Club

সম্প্ৰতি গো-মাংস কেন্দ্ৰিক বিতৰ্কই ৰাজ্যখনত ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত গো-মাংস সম্পৰ্কত ঐতিহাসিক তথ্য  আৰু সামাজিক প্ৰেক্ষাপটত  গো-মাংস সম্পৰ্কীয় বিচাৰ বিশ্লেষণক গ্ৰন্থ আকাৰত “গো -মাংস গো -মাতা, গাহৰি আৰু সাম্প্ৰদায়িকতা” শীৰ্ষক মুকুট শৰ্মাৰ গ্ৰন্থখন উন্মোচন কৰা হয়।

ভাষা প্ৰকাশনৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা ব্যতিক্ৰম গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী ময়ূৰ বৰাই। উন্মোচনী ভাষনত তেওঁ কয়- লিখকৰ এনে প্ৰচেষ্টাই সমাজক ভুল বুজা -বুজিৰ পৰা আঁতৰাই ৰাখি অনাহকত কৰি অহা গো-মাংসৰ বিতৰ্কৰ পৰা মুক্তি দিব।

গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাহিত্যক ইছমাইল হুছেইনে কয়- লিখকৰ এনে সময় উপযোগী  সৃষ্টিক পঢ়ুৱৈ সমাজে নিশ্চয়কৈ আদৰি লব।

গ্ৰন্থ উন্মোচনী সভাত আমন্ত্ৰিত  অতিথি ৰূপে উপস্থিত থাকি পদ্মশ্ৰী বঁটা প্ৰাপক লিখক ৰোমান শৰ্মাই কয় মুকুট শৰ্মাৰ গ্ৰন্থই সদায় এক তত্বগধুৰ ৰূপত সময় আৰু ইতিহাসৰ সঁচা আভাস দি আহিছে আৰু এই গ্ৰন্থখনৰ পৰাও পাঠকে তেনে এক সোৱাদেই লাভ কৰিব বুলি আশা কৰিব পাৰি।

Your Comments