নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা ছমাহলৈ

AFSPA in nagaland

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনাৰ জৰিয়তে নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা কৰিলে । উক্ত অধিসূচনাত কেন্দ্ৰীয় চৰকাৰে কয় যে, সমগ্ৰ নাগালেণ্ডত অশান্ত আৰু বিপজ্জনক পৰিস্থিতি অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ সুবিধাৰ বাবে সশস্ত্ৰ বাহিনীক নিয়োজিত কৰাতো প্ৰয়োজনীয় হৈছে ।

সেয়ে সাতদশক জুৰি নাগালেণ্ডত বলৱৎ হৈ থকা AFSPA আইনৰ ৩০ জুনত অন্ত পৰাত কেন্দ্ৰীয় চৰকাৰে পুনৰ অহা ৩১ ডিচেম্বৰলৈ ছমাহৰ বাবে নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কৰি এই আইনৰ ম্যাদ বৃদ্ধি কৰিলে । 

Your Comments