৩০জুন বুধবাৰে দেশৰ ১৬খন ৰাজ্যত ১৯হাজাৰ কোটিৰ টকাৰ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ চমুকৈ পিপিপি মডেলৰ মাধ্যমত ভাৰতনেটৰ সংশোধন বলবৎ কৰাৰ ৰণনীতিৰ বাবে অনুমোদন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই এই মঞ্জুৰী আগবঢ়ায় ৷
উল্লেখ্য যে, উক্ত পিপিপি মডেলৰ অধীনত ১৬খন ৰাজ্য ক্ৰমে কেৰালা, কৰ্ণাটক, ৰাজস্থান, হিমাচলপ্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিম বংগ, অসম মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচলপ্ৰদেশৰ ভিতৰুৱা গাঁও সমূহৰ আবাসীয়ে লাভ কৰিব অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ সুবিধা। এই যোঁজনাত অন্তৰ্ভুক্ত কৰা হৈছে গ্ৰাম্য পঞ্চায়তসহ প্ৰায় ৩.৬১ লাখ গাঁও।
- Log in to post comments
- 27 views