বুধবাৰে দিল্লীলৈ ৰাওনা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা

Sarbananda Sonowal

দুই-এদিনতে সম্প্ৰসাৰিত হ'ব লগা মোডী কেবিনেটত গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ সম্ভাৱনা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বুধবাৰে মোডীৰ কেবিনেটত এক গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হ’ব। উক্ত বৈঠকত দেশৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ লগতে কেইবাটাও মন্ত্ৰালয়ৰ পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক এটা গুৰুত্বপূৰ্ণ দপ্ত পেট্ৰলিয়াম মন্ত্ৰালয় বা গুৰু উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব দিয়াৰ কথা ভাবিছে। সেয়েহে সোণোৱালে বুধবাৰে দিল্লীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । 

উল্লেখ্য যে, অসমৰ ৰাইজৰ আৱেগ আৰু প্ৰতিবাদৰ বিৰুদ্ধে সোণোৱালক এক প্ৰতীকি অৰ্থত প্ৰক্ষেপ কৰি অ’এনজিচি কেন্দ্ৰিক বিবাদ আৰু আন বিষয়সমূহ উপশম কৰাৰ চেষ্টা চলাব মোডী চৰকাৰে।

মোডীৰ এই গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠকখন আবেলি ৪বজাত অনুষ্ঠিত হ’ব। বুধবাৰে পুৱাৰ ভাগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল ডিব্ৰুগড়ৰ পৰা আহি উপস্থিত হ’বহি গুৱাহাটীত । 

তাৎপৰ্যপূৰ্ণ কথা যে, মন্ত্ৰীসভা সম্প্ৰসাৰণৰ আলোচনা চলি থকাৰ সময়তে সৰ্বানন্দ সোণোৱাল দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰী মোডীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্ব আৰু আৰএছএছ-ৰ প্ৰধান মোহন ভাগৱতকো সাক্ষাৎ কৰিছিল।

Your Comments