ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিযুক্তি। প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাক বিজেপিৰ দলৰ অসমৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হয়। দলটোৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে কলিতাক।
ইফালে সভাপতি হিচাপে নিযুক্তি লাভ কৰি দলৰ কেন্দ্ৰীয় নেতৃত্বক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই কলিতাই। কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো।“আগন্তক দিনত দলটোক অধিক শক্তিশালী কৰিব লাগিব।অসমৰ সকলো জাতি- জনগোষ্ঠীক লৈ ৰাজ্যিক বিজেপিক শক্তিশালী কৰা হ'ব”- কলিতাই কয়।
সাংগঠনিক দিশত দলত কৰিব লগা কাম বহুত আছে।বৰ্তমানৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বহুত কাম কৰিছে।জ্যেষ্ঠ-কনিষ্ঠ সকলক লগত লৈ অন্য দলৰ পৰা অহা সকলকো সন্মান দিয়াৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা সকলকো সন্মান দি সংগঠন আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰি কলিতাই কয়- দল আৰু চৰকাৰৰ মাজত সুন্দৰ সমন্বয় ৰক্ষা কৰি আগবাঢ়ি যাব লাগিব।
- Log in to post comments
- 18 views