ন্যায়ালয়ৰ অনুমতিৰ পিছতে আজি ঘৰলৈ আহিল কাৰাবন্দী কৃষক নেতা তথা বিধায়ক অখিল গগৈ। গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ পৰা নিজৰাপাৰাৰ বাসগৃহলৈ আহিল বিধায়ক গগৈ। শুক্ৰবাৰে নিশাটো পুত্ৰ নচিকেতাৰ সৈতে থাকিব বিধায়ক গৰাকী।
উল্লেখ্য যে দুদিনৰ বাবে ন্যায়ালয়ে মাতৃক সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰিছে বিধায়ক গৰাকীক।
ইফালে শনিবাৰে গুৱাহাটীৰ পৰা বন্দী নেতা গৰাকী মৰিয়নি চেলেংহাটৰ মাতৃগৃহলৈ যাব। তাত ৰাতিটো মাতৃৰ সৈতে থাকি দেওবাৰে গুৱাহাটীলৈ ঘুৰি আহিব গগৈ।
গুৰুত্বপূৰ্ণ কথা বিগত ডেৰ বছৰ ধৰি মাতৃ-পুত্ৰৰ পৰা আঁতৰি আছে গগৈ। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আৰক্ষী এছকৰ্টে তেওঁক লৈ যাব লাগিব যোৰহাটলৈ।
- Log in to post comments
- 26 views