কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ বাবে আন এক ভাল খবৰ। মাতৃ- পুত্ৰৰ সাক্ষাতৰ বাবে যোৰহাটৰ ঘৰলৈ যোৱাৰ অনুমতি দিলে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াৰ বিশেষ আদালতে। দুদিনৰ কাৰণে কাৰাবন্দী গগৈ যাব পাৰিব ঘৰলৈ।
উল্লেখ্য আদালতে বিধায়ক গগৈক কেৱল যোৰহাটৰ ঘৰলৈ যোৱাত অনুমতি প্ৰদান কৰিছে। সমষ্টি শিৱসাগৰলৈ যোৱাৰ অনুমতি দিয়া নাই এতিয়াও।
আদালতে গগৈক আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজত লৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইফালে ঘৰলৈ কেতিয়া যায় সেয়া নিৰ্ভৰ কৰিব বিধায়ক গৰাকীৰ ওপৰত।
উল্লেখ যোগ্য যে, তিনিদিন পূৰ্বে চাবুৱা থানাৰ অ'চিৰ দাঁত ভঙা নিয়া গোচৰত গগৈক দোষমুক্ত ঘোষণা কৰিছিল আদালতে। তাৰ পৰৱৰ্তী সময়ত বুধবাৰে মাতৃ-পুত্ৰক সাক্ষাৎ কৰাৰ অনুমতি বিচাৰি আদালতক আবেদন জনাইছিল কাৰাবন্দী বিধায়ক গৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা বিগত ডেৰ বছৰৰো অধিক সময় কাৰাবন্দী হৈ থকা পুত্ৰক চাবলৈ যোৰহাটৰ ঘৰত আগ্ৰহেৰে বাট চাইছে মাতৃ প্ৰিয়দা গগৈয়ে। আনহাতে একমাত্ৰ পুত্ৰ নচিকেতাকো দীর্ঘদিন দেখা নাই গগৈয়ে।
- Log in to post comments
- 22 views