'মাদাৰ অল্ড এজ হোমৰ শেহতীয়া ঘটনা তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুক বৃদ্ধাৱাসখনত সংঘটিত ঘটনাৰাজী তদন্ত কৰি ৭২ঘন্টাৰ ভিতৰত তাৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ শৰ্মাৰ।
ইফালে শেহতীয়া সমগ্ৰ পৰিস্থিতি ব্যক্তিগত ভাৱে তদাৰক কৰিবলৈ সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে।
উল্লেখ্য যোৱা তিনিদিন ধৰি মাদাৰ অল্ড এজ হোমৰ দুই পৰিচালিক মণিকা শৰ্মা, উৎপল হৰ্ষবৰ্ধনৰ মাজত বিত্তীয় খেলি-মেলি সন্দৰ্ভত বিবাদৰ সূত্ৰপাত হৈ আহিছিল। দুই গৰাকীৰ মাজত বিবাদে ইমানেই ভয়ংকৰ ৰূপ লৈছিল বৃদ্ধাশ্ৰম খনৰ আবাসীসকলে আশ্ৰম এৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছিল।
- Log in to post comments
- 10 views