২৩জুন বুধবাৰে নিয়া আদালতত কাৰাবন্দী শিৱসাগৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈয়ে দাখিল কৰিলে নিজ মাতৃক সাক্ষাৎ কৰিবলৈ আবেদন। যদিও আদালতে বুধবাৰে এই সন্দৰ্ভত কোনো ৰায় প্ৰদান কৰা নাই। আদালতে বৃহস্পতিবাৰে এই বিষয়ত সিদ্ধান্ত আগবঢ়োৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, প্ৰায় ডেৰবছৰ ধৰি কাৰাবন্দি হৈ থকা কৃষকনেতাগৰাকীয়ে এই সময়চোৱাত এবাৰো নিজ মাতৃক সাক্ষাৎ কৰিবলৈ পোৱা নাই। এই সময়চোৱাত কেইবাবাৰো অসুস্থ হৈ পৰিছিল অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ।
- Log in to post comments
- 10 views