ড্ৰাগছ সৰ্বৰহাকাৰীৰ টকাৰ বান্দিলৰ লোভেও সততাক কিনিব নোৱাৰা গৃহৰক্ষী জোৱান বৰসিং বে'ক সম্বৰ্ধনা অসম আৰক্ষীৰ। উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত গৃহৰক্ষী জোৱান গৰাকীক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সম্বৰ্ধনা জনাই। ১ লাখ টকা নগদ ধনেৰে গৃহৰক্ষী জোৱান গৰাকীক পুৰস্কৃত কৰে অসম আৰক্ষীয়ে।
উল্লেখ্য দুদিন পূৰ্বে ১২কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছিল বে'য়ে । এখন বাছত মণিপুৰৰপৰা আনি থকা সময়ত বাছখন তালাছী চলাই গৃহৰক্ষী জোৱান গৰাকীয়ে উদ্ধাৰ কৰিছিল ড্ৰাগছখিনি। গুৰুত্বপূৰ্ণ যে ড্ৰাগছখিনি উদ্ধাৰ কৰাৰ পিছত সৰবৰাহকাৰী বাছচালক গৰাকীয়ে জোৱানজনক এটা টকাৰ বান্দিল উৎকোচ হিচাপে দিছিল যদিও টকাৰ লোভত সততাক বিক্ৰী নকৰি কৰ্তব্য কৰি গৈছিল কাৰ্বি আংলংৰ জোৱান গৰাকীয়ে।
উল্লেখনীয় বিষয়, যি সময়ত অসম আৰক্ষীৰ একাংশ বিষয়া-জোৱানে টকাৰ বিনিময়ত বিভিন্ন অনৈতিক ঘটনা সংঘটিত কৰি খাকী পোছাকক কলংকিত কৰিছে, তেনে সময়ত গৃহৰক্ষী জোৱান জনে সততাৰ পৰিচয় দি কয় "লাগিলে নিমখ ভাত খাম কিন্তু খাকী পোছাকত দাগ লাগিব নিদিওঁ'।
- Log in to post comments
- 13 views