ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট কৰাৰ তদন্ত বিচাৰি পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ আসাম পাব্লিক ৱৰ্কছৰ।অপৰাধ অনুসন্ধান শাখা চমুকৈ চিআইডি-ত এ পি ডব্লিউ-ৰ সভাপতি অভিজিৎ শৰ্মাই হাজেলাৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ।
গোচৰ দাখিল কৰি সমগ্ৰ বিষয়ত নতুন চৰকাৰৰ হস্তক্ষেপ আৰু তদন্ত দাবী কৰে শৰ্মাই।
ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ দেশদ্রোহী অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰিছিল প্রাক্তন মুখ্য সমন্বয়ক হাজেলাই।প্ৰক্ৰিয়াটোত অসমত অবৈধ ভাৱে প্ৰৱেশ কৰি এক বিশেষ ৰাজনৈতিক দলৰ ভোট বেংক হিচাপে ব্যৱহৃত হৈ থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যদা দি এনআৰচিৰে ভাৰতীয়কৰণ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও প্রতীক হাজেলাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে এপিডব্লিউ-ৱে।
এপিডব্লিউৱে প্ৰমাণ সহকাৰে আইনী ব্যৱস্থা ল’বলৈ এজাহাৰ দাখিল কৰাৰ পিছতো চৰকাৰে হাজেলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ সাহস গোটাব পৰা নাই। আনহে নালাগে সংগঠনটোৱে দিয়া এজাহাৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই বহু পৰিমাণে তথ্য প্রমাণ সাজু কৰাৰ পিছতো পূৰ্বৰ চৰকাৰৰ গৃহ বিভাগে হাজেলাৰ ওপৰত হাত দিবলৈ কলিজা নহ’ল বুলিও শৰ্মাই কয়।
- Log in to post comments
- 18 views