অসমত একনায়কত্ববাদৰ পদধ্বনি শুনা গৈছে, ওৱান মেন শ্ব' কৰা হৈছে- বিধায়ক অখিল গগৈ

Akhil Gogoi

চাবুৱা থানাৰ নিয়া গোচৰত নিৰ্দোষী সাব্যস্ত হোৱাৰ দিনটোতে বিধায়ক অখিল গগৈৰ বিশেষ পত্ৰ। নিয়া আদলতত হাজিৰ কৰোৱাৰ সময়ত অসমবাসীৰ বাবে কাৰাবন্দী বিধায়ক গৰাকীয়ে প্ৰেৰণ কৰিছে পত্ৰখন।ঝুমলাবাজী  আৰু ভেল্কীবাজী বন্ধ কৰি ক’ভিড আৰু লক্‌ডাউনত ক্ষতিগ্ৰস্ত অসম বাসী ৰাইজক ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায়। নগদ ধন প্ৰদান কৰি কেব চালক, অট'চালক, ই-ৰিক্সা চালক, উকীল, শিল্পী-কলাকুশলী, পৰ্যটন উদ্যোগ, থিয়েটাৰকর্মী, হোটেল ব্যৱসায়ী, দৈনিক মজুৰ, কৃষক, উদ্যোগখণ্ড, সংবাদকৰ্মীক শীঘ্ৰে ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাই গগৈয়ে।

Akhil gogoi's letter

ক’ভিড নিয়ন্ত্ৰণ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ তুলি পত্ৰত তেওঁ কয়- ভেক্‌চিন প্ৰদানত আটাইতকৈ ব্যৰ্থ হৈছে চৰকাৰখন। কেৰেলাত ৩৪%, গুজৰাটত ৩০%ৰ বিপৰীতে অসমত কেৱল ১৪% ব্যক্তিক ভেক্‌চিন প্ৰদান কৰিছে। ভেল্কীবাজিৰে আচল সত্য লুকুৱাই ৰখা হৈছে বুলি উল্লেখ কৰি তেওঁ দাবী জনাই কয়- দুয়োপালি ভেক্‌চিন প্ৰদান কৰি জাতিটোক নিৰাপদ কৰক।

Akhil gogoi's letter

'অসমত 'ওৱান মেন শ্ব' কৰা হৈছে।এজন মানুহৰ চমকতে সকলোৰে ভাগ্য নিৰূপিত হৈছে।পৰীক্ষা হ’ব নে নাই তেঁৱেই শেষ সিদ্ধান্ত লয়। বাকীবোৰ পুতলা স্বৰূপ।তেওঁ যি কয় তাকে দিনে-ৰাতিয়ে সংবাদ মাধ্যমে পৰিৱেশন কৰে।আন কোনো পদ্ধতিগত চিন্তা নাই, নাই কোনো দূৰদৃষ্টি'- পত্ৰত এইদৰে কয় গগৈয়ে।

আনহাতে ভাৰতৰ দৰে অসমতো একনায়কত্ববাদ আৰু ফেচীবাদৰ পদধ্বনি শুনা বুলি অভিযোগ তুলি  পত্ৰত কয়-কথা ক’লেই গোচৰ জাপি দিয়ে, প্ৰতিবাদ কৰিলেই জেল।গণতন্ত্ৰ অসমৰপৰা এতিয়া অন্তৰ্ধান হ’ল। বিৰোধীকো নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে।গণতন্ত্ৰ থকা হ’লে নির্বাচনত জিকাৰ পিছত মোকো মুক্তি দিলেহেঁতেন'।

'সংবাদ মাধ্যমক লেকাম লগোৱা হৈছে। ৰাইজ সাৱধান হওঁক মাত মাতক। ৰাইজ জাগি উঠক নহ’লে অসমত একনায়কত্ববাদে বেৰি ধৰিব।আশংকা প্ৰকাশ কৰি গগৈয়ে কয়।

Your Comments