চাবুৱা থানাৰ অ'চিৰ দাঁত ভঙা নিয়া গোচৰত দোষ মুক্ত অখিল গগৈসহ দুই সতীৰ্থ

Akhil Gogoi

বিধায়ক অখিল গগৈৰ বাবে ভাল খবৰ। চাবুৱা থানাত নিয়াৰ দ্বিতীয়তো গোচৰত দোষমুক্ত অখিল গগৈ। চান্দামাৰি নিয়া আদালতে গগৈৰ লগতে জগজিৎ গোহাঁই, ভূপেন গগৈক দোষমুক্ত ঘোষণা কৰে। আনহাতে অন্য এজন অভিযুক্ত ভাস্কৰজ্যোতি ফুকনৰ বিৰুদ্ধে চার্জ ফ্ৰেম লগোৱা হৈছে। কিন্তু তেওঁৰ বিৰুদ্ধে থকা ইউএপিএৰ ধাৰা সমূহ কৰ্তন কৰি ১৪৪,১৮৮ আই.পি.চি ধাৰা লগোৱা হৈছে।ফলত তেওঁৰ বিচাৰ ডিব্ৰুগড় ন্যায়িক দণ্ডাধীশৰ আদালতত চলিব- অধিবক্তা কৃষ্ণ গগৈয়ে কয়।

Krishna Gogoi

'অভিযোগনামাৰ ইউএপিএৰ ধাৰা সমূহ ন্যায়ালয়ে নাকচ কৰে।দোষ মুক্ত ঘোষণা কৰি ৫৬ পৃষ্ঠাৰ এটা অৰ্ডাৰ প্ৰেৰণ কৰিছে ন্যায়ালয়ে। ইউএপিএ ১৬ ধাৰা সংলগ্ন কৰা হৈছিল চাৰিও গৰাকীৰ বিৰুদ্ধে' - অধিবক্তা গৰাকীয়ে কয়।

উল্লেখ্য চাবুৱা থানাৰ অ'চি টুলুমনি দুৱৰাৰ দাঁত ভঙা গোচৰো নিয়ালৈ হস্তান্তৰ কৰা হৈছিল। অভিযোগনামাৰ গোচৰ অনুসৰি বিচাৰ চলিছিল আদালতত। কিন্তু ঘটনাত গগৈসহ দুই সতীৰ্থ জড়িত থকাৰ প্ৰমাণ কৰিব নোৱাৰাৰ বাবেই দোষ মুক্ত ঘোষণা কৰে আদালতে। গুৰুত্বপূৰ্ণ যে পূৰ্বতে উক্ত গোচৰত জামিন লাভ কৰিছিল গগৈয়ে।

বৰ্তমান গগৈৰ বিৰুদ্ধে চান্দমাৰী থানাত পঞ্জীয়নভুক্ত নিয়া গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। দুই- এদিনতে শুনানি প্ৰক্ৰিয়া শেষ হ’ব আৰু উক্ত গোচৰতো ন্যায়ালয়ে ৰায় প্ৰদান কৰিব বুলি কৃষ্ণ গগৈয় কয়।

দোষমুক্ত ঘোষণাৰ পূৰ্বে কাৰাবন্দী অখিলক নিয়া আদালতত হাজিৰ কৰোৱা হয়।

Your Comments