টকিঅ' অলিম্পিকলৈ ২০০মি. শাখাত ০.৮ চেকেণ্ডৰ বাবে যোগ্যতা অর্জনত ব্যৰ্থ হিমা দাস

Hima das

ৰাজ্যৰ ক্ৰীড়া প্ৰেমীৰ বাবে দুঃখবৰ। টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জনত ব্যৰ্থ অসম কন্যা হিমা দাস।

ইণ্ডিয়ান গ্ৰেণ্ড প্ৰিক্স এথ্‌লেটিক্স চেম্পিয়নশ্বিপত ৰাষ্ট্ৰীয় অভিলেখ ভংগৰে ২০০মি. শাখাত স্বৰ্ণ পদক অৰ্জন কৰিও ০.৮ ছেকেণ্ডৰ বাবে টকিঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ হিমা। পাটিয়ালাত অনুষ্ঠিত হোৱা খেলখনত হিমাই ২০০মি. সম্পূৰ্ণ কৰাত প্ৰয়োজন হয় ২২.৮৮চেকেণ্ড।হিমাই অলিম্পিকৰ যোগ্যতাৰ বাবে ২২.৮০ চেকেণ্ডত সম্পূৰ্ণ কৰিব লাগিছিল ২০০মি. দৌৰ ।

আনহাতে ৪০০মি. ৰিলে ৰেচতো হিমাই লাভ কৰে স্বৰ্ণ পদক। চাৰি জনীয়া দলটোক ৰিলে সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হয় ৪৩.৩৭ চেকেণ্ড ।

উল্লেখ্য যে হিমাৰ হাতত ১×৪০০ মি. দৌৰ শেষ সুযোগ হিচাপে আছে অলিম্পিকলৈ যোগ্যতা অর্জন কৰাত।

Your Comments