বৃহস্পতিবাৰৰপৰা কামৰূপ(ম)ত সলনি হ’ব কাৰ্ফিউ সময়সীমা!

Covid situation

কামৰূপ(ম)ৰ ক’ভিড নিৰ্দেশনাত অধিক শিথিলতাৰ সম্ভাৱনা।সান্ধ্য আইনৰ সময়সীমা হ্রাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বৃহস্পতিবাৰৰ পৰা। দিনৰ ২বজাৰ পৰিৱৰ্তে বিয়লি ৬ বজাৰ পৰা জিলাখনত সান্ধ্য আইন জাৰি হোৱাৰ সম্ভাৱনা আছে।উল্লেখ্য যে ক’ভিড আক্রান্তৰ হাৰ জিলাখনত হ্ৰাস পোৱাৰ ফলত চৰকাৰে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। বুধবাৰে কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। সোমবাৰৰ দিনা  কামৰূপ(ম)ত ১৫৮জন লোক ক’ভিডত আক্রান্ত হৈছে।

গুৰুত্বপূৰ্ণ কামৰূপ(ম)ৰ উপৰিও অন্য বহুকেইখন জিলাত অধিক শিথিলতা অহাৰ সম্ভৱনা আছে বৃহস্পতিবাৰৰ পৰা। আক্রান্তৰ হাৰ অনুসৰি জিলা ভেদে হ’ব বেলেগ বেলেগ নিৰ্দেশনা।

আনহাতে, প্ৰায় ৯ খন জিলাত আক্রান্তৰ হাৰ বৃদ্ধিৰ ফলত বৃহস্পতিবাৰৰপৰা সম্পূৰ্ণ ১০দিনৰ বাবে লক্‌ডাউন হোৱাৰ সম্ভাৱনা আছে। বুধবাৰৰ বৈঠকত লক্‌ডাউন সন্দৰ্ভত গ্ৰহণ কৰা হ’ব সিদ্ধান্ত।

উল্লেখ্য সোমবাৰে ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ প্ৰথমবাৰৰ বাবে ১.৬০ শতাংশলৈ হ্ৰাস পাইছে।

Your Comments