ক'ৰ'না প্ৰতিৰোধৰ নতুন নীতি- নিৰ্দেশনা ঘোষণা, মঙ্গলবাৰৰপৰা হ’ব কাৰ্যকৰী, সবিশেষ পঢ়ি জানি লওক

Covid situation

ক'ৰ’না প্ৰতিৰোধৰ বাবে চৰকাৰৰ নতুন এছঅ’পি ঘোষণা।মঙ্গলবাৰৰপৰা কাৰ্যকৰী হ’ব নতুন এছঅ’পি।উল্লেখ্য, নতুন এছঅ’পিত বহুকেইটা ক্ষেত্ৰত অধিক শিথিলতা অনা হৈছে।

গুৰুত্বপূৰ্ণ কথা, অধিক ক্ষেত্ৰতে প্ৰায় পূৰ্বৰ নিৰ্দেশনা বাহাল থকাৰ কথা উল্লেখ আছে এছঅপিত।কামৰূপ মহানগৰ জিলাত নাই কোনো নতুন নীতি-নিৰ্দেশনা।২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।

পূৰ্বৰ নিৰ্দেশনা অনুসৰি ১০দিনত ৪০০ তকৈ কম আক্রান্ত ৮খন জিলাত শিথিলতা পূৰ্বৰ দৰে বাহাল থাকিব। সন্ধিয়া ৫বজাৰপৰা পুৱা ৫বজালৈ ১২ঘণ্টাৰ সান্ধ্য আইন বাহাল থাকিব।

আন্তঃজিলা যাতায়ত অনিৰ্দিষ্টকালৰ বাবে বন্ধ থাকিব।

Notice

ক’ভিড আক্রান্তৰ হাৰ বৃদ্ধি পাই থকা তিনিচুকীয়া, কাছাৰ, ডিব্ৰুগড়, শোণিতপুৰ, নগাঁওজিলা তীক্ষ্ণ পৰ্যবেক্ষণত থাকিব প্ৰশাসনৰ। কঠোৰ নীতি-নিৰ্দেশনা জিলাকেইখনত প্ৰযোজ্য হ’ব পাৰে বুলিও নিৰ্দেশনা খনত উল্লেখ আছে।

গুৰুত্বপূৰ্ণ কথা, ৰাজ্যৰ অন্য জিলাত ১২বজাত বন্ধ হ’ব দোকান-পোহাৰ। ১বজাৰপৰা সান্ধ্য আইন প্ৰয়োগ হ’ব জিলাসমূহত।

ক’ভিড টীকাৰ দুটা ড’জ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকল কাৰ্যালয়লৈ যাব লাগিব।

বুধবাৰে হ’ব লগা কেবিনেট বৈঠকৰ পিছত ক'ৰ’না আক্রান্তৰ হাৰ বৃদ্ধি হোৱা জিলাত সম্পূৰ্ণ লক্‌ডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Your Comments