মুকলি হ'ব নেকি আন্তঃজিলা যাতায়ত! কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে পঢ়ক

Keshab Mahanta

ক'ৰ’না নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত বন্ধ আছে আন্তঃজিলা যাতায়ত।ক’ভিড সংক্ৰমণ হ্ৰাস পাইছে যদিও শীঘ্ৰে  খোলাৰ সম্ভাৱনা নাই আন্তঃজিলা যাতায়ত। ২২জুনত নতুন ক’ভিড নিৰ্দেশনা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে যদিও আন্তঃজিলা যাতায়তত নাহিব শিথিলতা। এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। অৱশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও তেওঁ কয়।

দেওবাৰে কামৰূপ জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পিছত সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়-সোমবাৰ অৰ্থাৎ কালিলৈৰ পৰা ৰাজ্যত তিনিলাখ ভেক্‌চিন দৈনিক প্ৰদান কৰা হ’ব। কামৰূপ জিলাত ১০ হাজাৰ  ভেক্‌চিন প্ৰদান কৰা হ’ব প্ৰথম দিনটোত। ইয়াৰ বাবে ১১১টা টিম প্ৰস্তুত কৰা বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে প্ৰতিটো সমষ্টিত বিধায়কে ভেক্‌চিন প্ৰদান পৰ্যবেক্ষণ কৰিব। সমগ্ৰ জিলাখন অভিভাৱক মন্ত্ৰীয়ে তদাৰক কৰিব- মহন্তই কয়।

Your Comments