চাউলখোৱা-আপাৰিয়া-গে ফেৰী ডুবা প্ৰসংগত ৭ জন আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীক নিলম্বন

Ferry service

কর্তব্যত হেমাহিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’ল ৭জন আভ্যন্তৰীণ জল পৰিবহণৰ কৰ্মচাৰী। মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশ মর্মে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালকে বিভাগটোৰ ছেকচনেল এছিষ্টেণ্ট চাহানুৰ আলী, পুষ্প বৰা, লীলাধৰ নাথ, ফিল্ড খালাচী তৰণী কলিতা, খালাচী মহেশ্বৰ ভূঞা, দ্বৰিকা চৌধুৰী আৰু মণ্টু কুমাৰ গোস্বামীক নিলম্বন কৰে।

উল্লেখ্য নিলম্বিত কৰ্মচাৰী কেইজনে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি নহ’লে মুখ্য কার্যালয় এৰিব নোৱাৰিব বুলি নির্দেশনাটোত উল্লেখ আছে।

গুৰুত্বপূৰ্ণ কথা কর্মচাৰীকেইজনৰ কর্তব্যৰ অৱহেলাৰ বাবে চাউলখোৱা-আপাৰিয়া–গে ফেৰী সেৱা আংশিকভাৱে ডুবি গৈছিল৷

 ইফালে ঘটনা সন্দৰ্ভত পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে কয়- কর্তব্যত অৱহেলা কোনো কাৰণত মানি লোৱা নহ’ব৷তদন্তত নিলম্বিত কৰ্মচাৰী কেইজন দোষী সাব্যস্ত হ’লে গ্ৰহণ কৰা হব কঠোৰ ব্যৱস্থা।

Your Comments