মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কিদৰে হ’ব মূল্যাংকন,৯জনীয়া কমিটিত কোন কোন আছে পঢ়ি জানি লওক

Exams

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাংকনৰ বাবে শিক্ষা বিভাগে গঠন কৰিলে ৯জনীয়াকৈ দুখন কমিটি।১সপ্তাহৰ ভিতৰত কমিটি দুখনে মূল্যাংকনৰ পদ্ধতি দাখিল কৰিব লাগিব শিক্ষা বিভাগক।

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ মূল্যাংকনৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অলক বুঢ়াগোহাঁইক অধ্যক্ষৰূপে লৈ ৯জনীয়া কমিটিখন গঠন কৰিছে । কমিটিৰ সদস্য হিচাপে ছেবাৰ অধ্যক্ষ, এছ.এন. দাস (সচিব, উচ্চ মাধ্যমিক), প্ৰসন্ন বৰা (বিদ্যালয় পৰিদৰ্শক কামৰূপ(ম)), ৰঞ্জিত দম (অধ্যক্ষ, কাচখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় ধুবুৰী), হাকিম তৰফদাৰ (অধ্যক্ষ জৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়), চি.বি ৰয় (অধ্যক্ষ কামৰূপ একাডেমী), মৃণাল খাউণ্ড (প্ৰধান শিক্ষক মুহিৰাম হাজৰিকা হাইস্কুল গোলাঘাট) ৰখাৰ লগতে ছেবাৰ সচিবক আহ্বায়ক হিচাপে কমিটিত ৰখা হৈছে।

Notice

আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যাংকন কমিটিত অধ্যক্ষ হিচাপে প্ৰফেছৰ দীপক কুমাৰ শৰ্মাক (কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য) আৰু সদস্য হিচাপে ৰখা হৈছে সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, সংসদৰ যুটীয়া সচিব নৱনীতা লস্কৰ, বি বৰুৱা কলেজৰ অধ্যক্ষ ডঃ এছ এন বৰ্মন, নগাঁও কলেজৰ অধ্যক্ষ ডঃ এছ বৰকটকী, ধুবুৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদিশ আলি, শিলচৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন পাল, ডিব্ৰুগড়ৰ বিদ্যালয় উপ-পৰিদৰ্শক দীপিকা চৌধুৰী আৰু লগতে সংসদ সচিবক আহ্বায়ক হিচাপে কমিটিত ৰখা হৈছে।

উল্লেখ্য কমিটি দুখনক চিবিএছই আৰু অন্যান্য ব’ৰ্ডৰ প্ৰক্ৰিয়াসমূহ বা সিদ্ধান্তসমূহ পৰ্যবেক্ষণ কৰি মূল্যাংকন পদ্ধতি গ্ৰহণৰ পৰামৰ্শ দিছে শিক্ষা বিভাগে।

গুৰুত্বপূৰ্ণ কথা শুক্ৰবাৰে শিক্ষা বিভাগে বাতিল কৰিছিল চলিত বৰ্ষৰ মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষাসমূহ।

Your Comments