ৰাজ্যত ১ জুলাইৰপৰা চৰকাৰী- বেচৰকাৰী কাৰ্যালয় মুকলি,তাৰ পূৰ্বে কৰ্মচাৰীক ভেক্‌চিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ

HBS

*পহিলা জুলাইৰপৰা ৰাজ্যত কি কি মুকলি হ’ব পঢ়ি জানি লওক*

 

ক'ৰ’না আক্রান্তৰ হাৰ ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে আৰু ইয়াৰ লগে লগে আৰম্ভ হৈছে আন্‌লক প্ৰক্ৰিয়া। ১জুলাইৰ পৰা ৰাজ্যত চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সমূহ নিয়মীয়াকৈ মুকলি কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কাৰ্যালয়ত কৰ্মচাৰীসকল উপস্থিত থকাটো বাধ্যতামূলক হ’ব কাৰ্যালয় মুকলি হ’লে।তাৰ পূৰ্বে কৰ্মচাৰীক ক’ভিড ভেক্‌চিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ।

উল্লেখ্য যে সোমবাৰৰ পৰা ৰাজ্যত বৰ্ধিত ভেক্‌চিন প্ৰদান কাৰ্যসূচী আৰম্ভ হ’ব।দৈনিক তিনিলাখকৈ লোকক ভেক্‌চিন প্ৰদানৰ লক্ষ্য চৰকাৰৰ।

আনহাতে ব্যক্তিগতখণ্ডৰ কাৰ্যালয়- দোকান-পোহাৰ এশ শতাংশ ভেক্‌চিন গ্ৰহণ কৰি খুলিব পাৰিব ১জুলাইৰপৰা গুৱাহাটী মেডিকেল কলেজ হস্পিতালত এই কথা কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

গুৰুত্বপূৰ্ণ কথা ১জুলাইৰ পৰা আৰম্ভ হ’ব অধিক শিথিলতা। বিয়লি ৫ বজালৈকে কাৰ্যালয়, দোকান-পোহাৰ মুকলিৰ অনুমতি দিব চৰকাৰে - তেওঁ লগতে কয়।

Your Comments