সোমবাৰৰপৰা ৰাজ্যত ক’ভিডৰ বৰ্ধিত টীকাকৰণ: কিদৰে হ’ব পঞ্জীয়ন, পঢ়ি জানি লওক

Vaccination

ক'ৰ’না প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো বৰ্ধিত টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে ।সোমবাৰৰ পৰা আৰম্ভ হ’ব  ৰাজ্যত বৰ্ধিত টীকাকৰণ আঁচনি। দৈনিক ৩লাখ ব্যক্তিক সাঙুৰি ল’ব এই আঁচনিয়ে- এই কথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

সমগ্ৰ ৰাজ্যত বর্ধিত টীকাকৰণৰ সফল ৰূপায়ণৰ সন্দৰ্ভত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ যুটীয়া সচিবৰ সৈতে শনিবাৰে মুখ্যমন্ত্ৰী শৰ্মাই মিলিত হয় ভিডিঅ’ কনফাৰেন্সৰ যোগেদি এক গুৰুত্বপূৰ্ণ বৈঠকত। এই বৈঠকতে প্ৰতিখন জিলাৰ প্ৰশাসনৰ মুৰব্বী সকলক নিৰ্দেশ প্ৰদান কৰা হয় কেন্দ্ৰই যোগান ধৰিব লগা টীকা সফলভাৱে প্ৰদানৰ দিহা কৰিবলৈ ।

'ৰাজ্য চৰকাৰে আৰু ক্ৰয় নকৰে ক’ভিড ভেক্‌চিন।ভাৰত চৰকাৰে দৈনিক ৩লাখ ভেক্‌চিন যোগান ধৰিব অসমক। ১৮ বছৰৰ ঊৰ্ধৰ সকলোকে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব ভেক্‌চিন'- মুখ্যমন্ত্ৰীয়ে কয়।

ৰাজ্যৰ স্বাস্থ্য বিভাগ দৈনিক ৩লাখ ভেক্‌চিন প্ৰদানৰ বাবে সাজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয়- চাহ বাগিচাৰ প্ৰতিখন মেডিকেলত ভেক্‌চিন কেম্প স্থাপন কৰা হ’ব।লগতে প্ৰত্যেকখন গাঁৱত স্থাপন হ’ব ভেক্‌চিন কেম্প।ইয়াৰ উপৰিও নগৰ অঞ্চলত পুৱা ৮ বজাৰ পৰা ৰাতি ৮ বজালৈ দুটা শ্বিফ্টত প্ৰদান কৰা হ’ব ভেক্‌চিন।

উল্লেখ্য দৈনিক টাৰ্গেট সফল কৰি তুলিব পাৰিলে আগন্তুক ১ মাহৰ পিছৰ পৰা ৰাজ্যত ক'ৰ’না বাধ্য- বাধকতা উঠি যাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

সমগ্ৰ ৰাজ্যবাসীক ভেক্‌চিন লোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়- টীকাকৰণ কেন্দ্ৰতে হ’ব ভেক্‌চিনৰ পঞ্জীয়ন। ২০০০টা কেন্দ্ৰত দৈনিক ২০০জন লোকে ভেক্‌চিন লাভ কৰিব। ভেক্‌চিন প্ৰক্ৰিয়া সফল কৰিবলৈ বিজেপি-এজিপি আৰু ইউপিপিএলৰ উপৰিও অন্য দল সংগঠনৰ স্বেচ্ছাসেৱকক দায়িত্ব লোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই।

ভেক্‌চিন কেন্দ্ৰত নিয়োজিত স্বাস্থ্য কৰ্মীয়ে দৈনিক ১০০টকাকৈ টিএ লাভ কৰিব। এক মাহত ৯০ লাখ ব্যক্তিক ভেক্‌চিন প্ৰদানৰ লক্ষ্যৰে সোমবাৰৰ পৰা আৰম্ভ হ’ব এই টীকাকৰণ।

Your Comments