বিজেপিলৈ যাব নেকি থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই! কি ক’লে পঢ়ক

Susanta borgohain

মৰিয়নিৰ কংগ্ৰেছৰ ৪বাৰৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিধায়ক পদ ত্যাগ কৰি বিজেপি দলত যোগ দিয়াৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাইয়ে বিজেপিলৈ যাবলৈ সাজু বুলি বিভিন্ন মাধ্যমত সৰৱ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। চলি থকা এই চৰ্চাৰ দৰে সঁচাকৈ হ’বলৈ গৈ আছে নেকি ! থাওৰাৰপৰা দ্বিতীয়বাৰলৈ নিৰ্বাচিত যুৱ-বিধায়ক গৰাকীয়ে ৰাজহুৱা কৰিছে নিজৰ স্থিতি।

বিভিন্ন মাধ্যমত প্ৰকাশ পোৱা খবৰ সত্য নহয় বুলি উল্লেখ কৰি সুশান্তৰ স্পষ্ট মত-“কংগ্ৰেছী বিধায়ক হিচাপে আছো, কংগ্ৰেছ দলতেই ৰাজনৈতিক  জীৱন শেষ কৰাৰ পৰিকল্পনা কৰিছো" ।

'কোনো কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰিলে মোৰো নামটো সাঙোৰ খাই, কিয় নাজানো। কিন্তু মোৰ স্থিতি স্পষ্ট নিৰ্বাচনৰ আগতে কৈছোঁ কংগ্ৰেছ দলতে থাকিম'- যুৱ বিধায়ক গৰাকীয়ে এইদৰে কয়।

বহুকেইজন সতীৰ্থ বিজেপি মন্ত্ৰী বিধায়ক বৰ্তমান। সেই হিচাপে ব্যক্তিগত সম্পৰ্ক আছে। কিন্তু ব্যক্তিগত সম্পর্কই ৰাজনৈতিক সম্পৰ্কক নুবুজায়। কংগ্ৰেছ দলত থাকিম আৰু কংগ্ৰেছ দলৰ নেতৃত্ব ল’ম।লগতে ৰাইজে দিয়া বিৰোধীৰ দায়িত্বৰ সুযোগ ল’ম। অসমৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰক সহযোগ কৰিম আৰু জাতিৰ বিৰুদ্ধে গ’লে চৰকাৰক বিৰোধিতাও কৰিম- বিধায়ক সুশান্তই কয়।

'মৰিয়নিৰ বিধায়ক ৰূপজ্যোতিৰ দল ত্যাগ ব্যক্তিগত সিদ্ধান্ত। কংগ্ৰেছে সুবিধা খিনি দিলে বাবে শক্তিশালী নেতা হিচাপে বিজেপি দললৈ যাব পাৰিছে বুলি উল্লেখ কৰি বিধায়ক বৰগোঁহাইয়ে কয়- দলত থাকি দলীয় সিদ্ধান্তৰ মতে আগবাঢ়িব লাগিব। ব্যক্তিগত সিদ্ধান্তত আগবাঢ়িলে নহ’ব।দলে যি দায়িত্ব দিব সেইমতে আগবাঢ়িব লাগিব।

Your Comments