বিধায়ক ৰূপজ্যোতি কুর্মীৰ দলত্যাগৰ পিছতে মৰিয়নিৰ ৰাজনৈতিক স্থিতি পৰ্যবেক্ষণৰ বাবে প্ৰদেশ কংগ্ৰেছে গঠন কৰিছে এক বিশেষ কমিটি।
সভাপতি ৰিপুন বৰাই ৰানা গোস্বামীৰ অধ্যক্ষতাত গঠন কৰিছে তিনিজনীয়া কমিটিখন। কমিটিৰ আন দুজন সদস্য হৈছে বিধায়ক সুশান্ত বৰগোঁহাই আৰু মনোজ ধানোৱাৰ।
উল্লেখ্য মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে শুক্ৰবাৰে দল আৰু বিধায়কৰ পদ ত্যাগ কৰাৰ পিছতে এই তৎপৰতা প্ৰদেশ কংগ্ৰেছৰ।
- Log in to post comments
- 16 views