মেট্ৰিক-হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিল: ৩১জুলাইত ঘোষণা হ’ব ফলাফল

Ranuj Pegu

অৱশেষত বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ক’ভিড পৰিস্থিতিৰ বাবে শিক্ষা বিভাগে বাতিল কৰিলে এইবাৰৰ পৰীক্ষা।

জনতা ভৱনত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত গ্ৰহণ কৰা হয় দুয়োটা পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত।

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত ছেবা, মাধ্যমিক শিক্ষা সংসদ,আছু -আবছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাৰ প্ৰতিনিধি উপস্থিত থাকে। ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ বৈঠকখনত স্বাস্থ্য বিভাগৰ অধ্যক্ষ সচিব, পৰিবহন বিভাগৰ সচিব, শিক্ষক সংগঠনৰ নেতৃত্বই অংশ গ্ৰহণ কৰে।

উল্লেখ্য স্বাস্থ্য বিভাগৰ তথ্যৰ ভিত্তিত কেবিনেটে বৰ্তমান পৰীক্ষা পতাৰ পৰিৱেশ নাই বুলি পৰামৰ্শ প্ৰদান কৰিছিল বুধবাৰে। সেই পৰামৰ্শৰ সন্দৰ্ভতে শিক্ষা বিভাগে জনতা ভৱনত শুক্ৰবাৰে অনুষ্ঠিত কৰে চূড়ান্ত বৈঠক।

উল্লেখ্য ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকনৰ সন্দৰ্ভত দুখন কমিটি গঠন কৰা হৈছে। উক্ত কমিটিয়ে ফলাফল ঘোষণা পদ্ধতি ১সপ্তাহৰ ভিতৰত অৱগত কৰিব বিভাগক।

গুৰুত্বপূৰ্ণ কথা যে, বিদ্যালয়ৰ আভ্যন্তৰীণ ফলাফলৰ ভিত্তিত মূল্যাংকন কৰা হ'ব ফলাফল। ৩১জুলাইত ঘোষণা হ'ব ফলাফল শিক্ষামন্ত্ৰী পেগুৱে জানিবলৈ দিয়ে।

ইফালে ছাত্ৰ-ছাত্ৰী অনুতীৰ্ণ হোৱাৰ সন্দৰ্ভত বর্তমানো একো স্পষ্ট হোৱা নাই। কমিটিৰ মূল্যাংকনৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব সকলো। আছু নেতৃত্বই পৰীক্ষাৰ্থীৰ ক্ষতি নোহোৱাকৈ পদ্ধতি অৱলম্বন কৰাৰ পৰামৰ্শ প্ৰদান কৰে ছেবা আৰু সংসদক। এই কথা অৱগত কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।

Your Comments