প্ৰথমবাৰৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ কাৰ দখললৈ যাব বিশ্ব ক্ৰীড়াপ্ৰেমীৰ মাজত তীব্ৰ উৎকণ্ঠাৰ অৱসানলৈ মাজত আৰু কেইটামান মূহূৰ্ত। শুক্ৰবাৰৰপৰা চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ভাৰত-নিউজিলেণ্ড। ছাউথহেম্পটনৰ এজেছ বাউলত অনুষ্ঠিত হ’ব লগীয়া খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ৩.৩০ বজাত আৰম্ভ হ’ব।
উল্লেখ্য, বিশ্বক্ৰীড়া প্ৰেমীৰ লগতে বহু প্ৰাক্তন ক্ৰিকেটাৰৰ পূৰ্বানুমান অনুসৰি ভাৰত নহয়, নিউজিলেণ্ডহে টেষ্ট ক্ৰিকেটৰ বিশ্ব চেম্পিয়ন হ’ব বুলি প্ৰকাশ কৰিছে ভৱিষ্যতবাণী।
ইংলেণ্ডৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ফাইনেল খেলখনৰ পিট্চ বলিঙৰ বাবে সুবিধাজনক হ’ব। টছত জয়ী হোৱা দলে প্ৰথমে ফিল্ডিং কৰিলে অধিক সুবিধা পাব। বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি খেল খনত এটা অতিৰিক্ত দিন ৰাখিছে আইচিচিয়ে।
আনহাতে, নিউজিলেণ্ডৰ দলত কেন উইলিয়ামছন, টম লাথম, ৰছ টেইলৰৰ দৰে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ আছে। দলত আছে ট্ৰেণ্ট ব’ল্ট, টীম ছাউডীৰ দৰে ছুয়িং বলাৰ যিসকলে বিপদত পেলাব পাৰে টীম ইণ্ডিয়াৰ শক্তিশালী বেটিং লাইনআপক। সেয়ে ফাইনেল খেলখনত জয় লাভ কৰাটো টিম ইণ্ডিয়াৰ বাবে কঠিন হ’ব বুলি ক্ৰিকেট বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।
গুৰুত্বপূৰ্ণ কথা ভাৰত-নিউজিলেণ্ড দলৰ মাজত এতিয়ালৈকে ৫৬ খন টেষ্ট অনুষ্ঠিত হৈছে।২১খন খেলত ভাৰত জয়ী হোৱাৰ বিপৰীতে ১২খন খেলত নিউজিলেণ্ড জয়ী হৈছে।
একেদৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতে ১৭ খন খেলত অৱতীৰ্ণ হৈ ১২খনত জয়, ৪খনত পৰাস্ত হোৱাৰ বিপৰীতে নিউজিলেণ্ড দলটোৱে ১১খন টেষ্ট খেলি ৭খনত জয়, ৪ খনত পৰাস্ত হৈছে।
গুৰুত্বপূৰ্ণ কথা প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হৈছে বিশ্ব চেম্পিয়নশ্বিপ। আইচিচিয়ে আয়োজন কৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম খিতাপ কাৰ দখললৈ যায় সেয়া হ’ব লক্ষণীয়।
- Log in to post comments
- 13 views