জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইক খুমটাই বিধানসভা সমষ্টিৰ গ্রাম্য পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে নিযুক্তি। সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই গ্রাম্য পৰ্যটনৰ দিশটোক অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কণ্ঠশিল্পী গৰাকীক নিযুক্তি প্ৰদান কৰিছে ব্ৰেণ্ড এম্বেচাদৰ হিচাপে।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তথা গ্রাম্য পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সমষ্টিটোত ইতিমধ্যে তিনিখনকৈ গ্রাম্য উদ্যান যোগীবাৰী, মেলামৰা আৰু খুমটাইত নিৰ্মান কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ কাম চলি থকাৰ কথা বিধায়ক শইকীয়াই জানিবলৈ দিয়ে।
ইফালে প্ৰকল্পটোত ব্ৰেণ্ড এম্বেচাদৰ হিচাপে জড়িত হৈ আনন্দিত হোৱা বুলি উল্লেখ কৰে কণ্ঠশিল্পী গৰাকীয়ে।
আনহাতে ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তিৰ প্ৰথম দিনটোতে হাতত ঝাড়ু লৈ আচুৰ্যই যোগীবাৰীত পথ পৰিষ্কাৰ কৰা দেখা গ’ল।
- Log in to post comments
- 22 views