মাদ্ৰাছা বন্ধ সন্দৰ্ভত চৰকাৰলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ। ২সপ্তাহ সময়ৰ ভিতৰত চৰকাৰক শপতনামা দাখিল কৰাৰ নিৰ্দেশ আদালতৰ।মাদ্ৰাছা বন্ধৰ সমগ্ৰ দিশ সামৰি দাখিল কৰিব লাগিব আৱেদন।
মাদ্ৰাছা বন্ধৰ বিৰোধিতাৰে মাদ্ৰাছা স্থাপনৰ সৈতে জড়িত ইমালুদ্দিন বৰভূঞাসহ ১২জনীয়া এটা দলে লিখিত আৱেদন দাখিল কৰিছিল ন্যায়ালয়ত। উক্ত আৱেদনৰ ভিত্তিত আদালতে বুধবাৰে গ্ৰহণ কৰে শুনানি। শুনানি গ্ৰহণৰ পিছত অহা ৮জুলাইৰ ভিতৰত চৰকাৰক মাদ্ৰাছা বন্ধৰ বিষয়ত শপত নামা দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰে উচ্চ ন্যায়ালয়ে।
ইফালে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ১৬জুলাইত ধাৰ্য কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এ.আৰ. ভূঞাই জানিবলৈ দিয়ে এই কথা।
- Log in to post comments
- 9 views