বন্ধন বেংক, মাইক্ৰ’ফাইনেন্সৰ লোণ চৰকাৰে পৰিশোধ কৰিব বুলি প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত জয় হোৱাৰ পিছতে ৰাজ্যৰ ২৬ লাখ মহিলাক প্ৰতাৰণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্স কোম্পানীৰ মাজত শঠা মিতিৰালীৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংবাদ মেল যোগে ৰাইজৰ দলে। মাইক্ৰ’ফাইনেন্সৰ ঋণ সঁচাকৈয়ে যদি ৰেহাই দিবলৈ বিচাৰে তেন্তে ২০২০চনৰ ৩০ ডিচেম্বৰত অসম বিধানসভাত গৃহীত অসম মাইক্ৰ’ফাইনেন্স আইনখন আজিয়ো কিয় প্ৰয়োগ কৰা নহ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে আঞ্চলিক ৰাজনৈতিক দলটোৱে।
উল্লেখ্য যে গৃহীত হোৱা আইনখন ৰাজ্যপালে স্বাক্ষৰ কৰাৰ ৫ মাহ উকলি যোৱাৰ পিছতো গৃহীত নোহোৱাত সন্দেহ ব্যক্ত কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’-ডি শইকীয়াই কয়- আইনখন মাইক্ৰ’ফাইনেন্স কোম্পানীসমূহৰ স্বাৰ্থত প্ৰয়োগ কৰা হোৱা নাই। কাৰণ আইনখন প্ৰয়োগ হ’লে ঋণৰ কিস্তি আদায় দিব নোৱাৰা মহিলাসকলৰ ঋণ আপোনা-আপুনি মাফ হ’লহেঁতেন। কাৰণ আইনৰ ১৩নং অনুচ্ছেদৰ ৬নং দফা অনুসৰি কোম্পানীসমূহে ঋণগ্ৰস্তৰ ঘৰে ঘৰে নগৈ জিলা উপায়ুক্তই নিৰ্ধাৰণ কৰি দিয়া গাঁওপঞ্চায়তৰ কাৰ্যালয় বা অন্য কোনো ৰাজহুৱা স্থানত সংগ্ৰহ কৰিব পাৰিব ঋণৰ কিস্তি।
ইয়াৰ উপৰিও ১৪নং অনুচ্ছেদৰ ১নং আৰু ২নং দফা মতে ঋণ আদায়ৰ নামত কোম্পানীসমূহে বা এজেণ্টে হাৰাশাস্তি কৰিব নোৱাৰিব ঋণগ্ৰস্তক আৰু তেনে কৰিলে তিনিবছৰৰ কাৰাদণ্ড, ১লাখ টকাৰ জৰিমনা হ’ব পাৰে। যাৰ বাবে কিস্তি আদায় দিব নোৱাৰা মহিলাই ৰেহাই পালে হয় ঋণ। কিন্তু আইনখন প্ৰয়োগ নোহোৱাৰ বাবে সেয়া হৈ উঠা নাই বুলিও শইকীয়াই লগতে কয়।
দলৰ মঠঘৰীয়াৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত কাৰ্যকৰী সভাপতি গৰাকীয়ে লগতে কয়- পূৰ্বৰ ধঁপাত প্ৰতিৰোধী আইনৰ দৰে বাতিল হ’ব পাৰে এই মাইক্ৰ’ফাইনেন্স আইনখনো আৰু ইয়াৰ কাৰণ ইতিমধ্যে আইনখন ক’ল্ডষ্ট’ৰেজত সোমাইছে বুলিও কটাক্ষ কৰে শইকীয়াই।
- Log in to post comments
- 15 views