হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা-নকৰাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত হ’ব শুক্ৰবাৰে। অনিশ্চয়তাৰ মাজতে দিছপুৰত শিক্ষা বিভাগে বিভিন্ন দল সংগঠন, ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে মিলিত হ’ব বিশেষ বৈঠকত।
উক্ত বৈঠকত বুধবাৰৰ কেবিনেটৰ পৰামৰ্শ বিতংকৈ আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য জনতা ভৱনৰ ই-ব্লকত বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ বৈঠকখন।
পৰীক্ষা সন্দৰ্ভত অনুষ্ঠিত হ’ব লগা বৈঠকখনলৈ নিমন্ত্ৰণ কৰা হৈছে- স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ অধ্যক্ষ-সচিব, সমাজ কল্যান বিভাগৰ অধ্যক্ষ-সচিব, পৰিবহন বিভাগৰ অধ্যক্ষ-সচিবক। ইয়াৰ উপৰিও জাতীয় সংগঠন অসম সাহিত্য সভাৰ সভাপতি, বড়ো সাহিত্য সভাৰ সভাপতি, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু আবছুৰ সভাপতিক নিমন্ত্ৰণ কৰা হৈছে।
একেদৰে মিছিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, চিবিএছই-ৰ আঞ্চলিক সঞ্চালক, শিক্ষা সংসদৰ অধ্যক্ষ, ছেবাৰ অধ্যক্ষ, কামৰূপ(ম), কামৰূপ, নগাঁও, মৰিগাঁও জিলাৰ উপায়ুক্ত, উচ্চ শিক্ষাৰ সঞ্চালক, ৰাজ্যিক একাডেমী পৰিষদৰ সাধাৰণ সম্পাদক, অসম মাধ্যমিক শিক্ষা আৰু কৰ্মচাৰী সন্থাৰ সভাপতি -সম্পাদকক বৈঠকলৈ নিমন্ত্ৰণ কৰা হৈছে।
শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব বৈঠকখন। বিশেষ বৈঠক খনৰ অন্তত পৰীক্ষা অনুষ্ঠিত হোৱা-নোহোৱাৰ বিষয়ত ঘোষনা হ’ব চূড়ান্ত সিদ্ধান্ত।
গুৰুত্বপূৰ্ণ কথা, চিবিএছই-য়ে অহা ৩১জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰিব বুলি ন্যায়ালয়ক ইতিমধ্যে অৱগত কৰিছে। ঠিক একেদৰে মূল্যাংকনৰ সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছে।
- Log in to post comments
- 13 views