টকিঅ’ অলিম্পিকত খেলিবলৈ সাজু হৈছে উত্তৰ পূৰ্বাঞ্চলৰ মীৰা বাঈ চানু

Mira Bai Sanu

জাপানৰ টকিঅ’ চহৰত হ’ব লগা অলিম্পিকত খেলিবলৈ সাজু হৈছে  উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ মীৰা বাঈ চানু ৷ সোণৰ পদকৰ বাবে যুঁজ দিব দেশৰ এইগৰাকী আগশাৰীৰ ৱেইট লিফ্টাৰে । ইণ্টাৰনেচনেল ৱেইট লিফ্টিং ফেডাৰেছনে টকিঅ’ অলিম্পিকত যোগদান কৰিবলগীয়া  ৱেইট লিফ্টাৰসকলৰ নামা তালিকা প্ৰকাশ কৰাৰ পিছতে এই কথা প্ৰকাশ কৰে ইণ্ডিয়ান ৱেইট লিফ্টিং ফেডাৰেছনৰ সাধাৰণ সম্পাদক সহদেৱ যাদৱে। প্ৰকাশ পোৱা নামৰ তালিকাত দ্বিতীয় স্থানত আছে মীৰা বাঈ চানুৰ নাম।

জানিব পৰা মতে, চানুৱে টকিঅ’ অলিম্পিকৰ ৪৯ কেজি-ৰ শাখাত খেলিব। চানুৱে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি যাদৱে আশা প্ৰকাশ কৰিছে।

উল্লেখ যোগ্য যে, মীৰা বাঈ চানু উত্তৰ পূৱ সীমান্ত ৰেলৱে’ৰ এগৰাকী কৰ্মচাৰী। এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জয় কৰিছিল এইগৰাকী ২৬ বছৰীয়া খেলুৱৈয়ে ৷

Your Comments