দেওবাৰে দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

Petrol diesel price hike

৬জুন দেওবাৰে জাৰি কৰা নতুন ইন্ধনৰ মূল্য তালিকা অনুসৰি দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। । 

ইণ্ডিয়ান অইল ক’ৰ্পৰেছনে প্ৰকাশ কৰা অনুসৰি, ৰাজধানী চহৰ দিল্লীত এই দিনটোত পেট্ৰ’লৰ মূল্য বৰ্তমান প্ৰতি লিটাৰত ৯৫.০৩ টকা হ’ল। ইয়াৰ বিপৰীতে, দিল্লীত ডিজেলৰ মূল্য বৃদ্ধি পায় প্ৰতি লিটাৰ ডিজেলত হ’লগৈ ৮৫.৯৫ টকা ।

আনহাতে, মু্ম্বাইত দেওবাৰৰপৰা প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০১.২৫ টকা হৈছে। ইয়াৰ বিপৰীতে, ডিজেলৰ মূল্য  ৯৩.৩০ টকা হৈছেগৈ। চেন্নাইত দেওবাৰৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৬.৪৭ টকা আৰু ডিজেলত ৯০.৬৬ টকালৈ বৃদ্ধি পাইছে। আনহাতে, কলকাতাত ৯৫.০২ টকা মূল্য হৈছেগৈ প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম আৰু ৮৮.৮০ টকা ডিজেলৰ মূল্য ৷ বাংগালুৰুতো প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য  ৯৮.২০ টকা হোৱাৰ লগতে ডিজেলৰ মূল্য ৯১.১২ টকা হৈছেগৈ।

Your Comments