কাবুলত বোমা বিস্ফোৰণ, ছিন্নভিন্ন ৬ দেহ, আহত ৭

Kabul bomb blust

মঙ্গলবাৰে মাজনিশা পশ্চিম কাবুলৰ দুটা বেলেগ বেলেগ স্থানত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় আৰু এতিয়ালৈকে ৬জন লোক নিহত হোৱাৰ লগতে ৭জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই খবৰ জনাইছে আফগান চৰকাৰৰ এক মুখপাত্রই।

গৃহৰাষ্ট্ৰ মন্ত্রালয়ৰ উপ-মুখপাত্র ছাইদ হামিদ ৰুচানে জনাইছে, দইটা ঘটনাতে মিনিভেনক লক্ষ্য কৰি বোমা আক্ৰমণ হৈছিল। 

ঘটনাস্থলীৰ প্রথমটো হ’ল বিশিষ্ট হাজাৰা নেতা মহম্মদ মহাকিকৰ ঘৰৰ কাষত আৰু দ্বিতীয়টো এটা ছিয়া মছজিদৰ সন্মুখত। উল্লেখ্য, ঘটনাস্থলীত থকা অধিকাংশ লোক হাজাৰা ছিয়া। দ্বিতীয় বিস্ফোৰণৰ লক্ষ্য আছিল এখন মিনিবাছো। 

যদিও বৰ্তমানলৈকে পোৱা খবৰ অনুসৰি, বিস্ফোৰণৰ দায় কোনেও স্বীকাৰ কৰা নাই। কিন্তু আফগানিস্তান ইছলামিক ষ্টেট গ্রুপৰ সহযোগী সংগঠনে সংখ্যালঘু ছিয়াসকলৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছিল। যি ৩৬ মিলিয়ন সংখ্যাগৰিষ্ঠ চুন্নি মুছলিম জাতিৰ প্রায় ২০ শতাংশ।

Your Comments