প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত পুনৰ অসুস্থ, চিকিৎসালয়ত ভৰ্তি

Prafulla Kr. Mahanta

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত গুৰুতৰভাৱে অসুস্থ। গুৱাহাটী ডাউন-টাউন হস্পিতালত ভৰ্তি কৰোৱা হৈছে মহন্তক।শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে শুক্ৰবাৰে হস্পিতালত ভৰ্তি কৰা হয় মহন্তক। বৰ্তমান চিকিৎসালয়তে আছে মহন্ত।জ্যেষ্ঠ চিকিৎসকৰ এটা দলে নিৰীক্ষণ কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক।

উল্লেখ্য যে শেহতীয়া ভাৱে যোৱা কেইবামাহো ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ আছে মুখ্যমন্ত্ৰী মহন্ত। আনকি শাৰীৰিক অসুস্থতাৰ বাবে যোৱা বিধানসভা নির্বাচনত দলে মহন্তক প্ৰদান কৰা নাছিল প্ৰাৰ্থীত্ব। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱা নির্বাচনত দলৰ হৈয়ো কোনো প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা নাছিল শাৰীৰিক অসুস্থতাৰ বাবেই ৷

Your Comments