ছেবা কৰ্তৃপক্ষৰ সৈতে আছুৰ নেতৃত্বৰ বৈঠক ৷ বামুনীমৈদামস্থিত ছেবাৰ মুখ্য কাৰ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত সম্পন্ন হয় বৈঠকখন।উল্লেখ্য যে, আছুৱে পৰীক্ষাৰ্থীৰ শৈক্ষিক বৰ্ষ ক্ষতি নহ’বলৈ কি দৰে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যায় ছেবাৰ কৰ্তৃপক্ষক কিছু পৰামৰ্শ আগবঢ়ায়।
আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই বৈঠকৰ শেষত কয়- 'মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবা সম্পূৰ্ণ সাজু হৈ আছে। স্বাস্থ্য বিভাগৰ সেউজ সংকেত পালেই অনুষ্ঠিত কৰিব পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবা সাজু হৈ থকাটো ভাল কথা'।
উল্লেখ যোগ্য, বিভিন্ন শিক্ষক সংগঠন, শিক্ষাবিদে আগবঢ়োৱা পৰামৰ্শ ছেবা কৰ্তৃপক্ষক প্ৰদান কৰি আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়-'জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰিলে বানপানীৰ সমস্যাও আছে।গতিকে তাৰ ওপৰতো গুৰুত্ব দিব লাগে। পৰীক্ষাৰ কেন্দ্ৰৰ সংখ্যা বৃদ্ধিৰ ওপৰতো হৈছে আলোচনা। পূৰ্বতকৈ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। নতুনকৈ ২৩২টা নতুন কেন্দ্ৰ চাই থোৱা আছে।প্ৰয়োজন অনুসৰি কেন্দ্ৰসমূহ ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিছে'।
'শীঘ্ৰে পৰীক্ষাৰ মডেলিটি ৰাজহুৱা কৰাৰ বাবেও আছুৰ নেতৃত্বই আহ্বান জনায়। কি দৰে পৰীক্ষা অনুষ্ঠিত হ’ব তাক লৈ ছাত্ৰ- ছাত্ৰী, অভিভাৱক মানসিক আশান্তিত ভুগি আছে ৷ মানসিক অশান্তি নোহোৱা কৰিবলৈ গুৰুত্ব সহকাৰে অসম চৰকাৰৰ লগত আলোচনা কৰি মডেলিটি তৈয়াৰ কৰি কম সময়ৰ ভিতৰত ৰাজহুৱা কৰিব লাগে'- বৰুৱাই কয়।
'ক’ভিডৰ নীতি-নিয়ম ছাত্ৰ-ছাত্ৰী সকলে মানি চলিব পৰাকৈ ছেবাৰ তৰফৰ পৰা ব্যৱস্থা ল’ব।এজন ছাত্ৰৰ নামত ২৫টকাকৈ কৰ্তৃপক্ষই খৰছ কৰিব। লগতে পৰীক্ষা গাৰ্ড সকলৰ টীকাকৰণ সম্পূৰ্ণ হৈছে'- সাধাৰণ সম্পাদক গৰাকীয়ে কয়।
ছাত্ৰ-ছাত্ৰীক আশ্বাস প্ৰদান কৰি বৰুৱাই কয়- 'অধ্যয়ন বজাই ৰাখি প্ৰস্তুতি কৰি থাকক।পৰীক্ষা অনুষ্ঠিত হ’ব সেই কথা নিচিন্ত।সকলো সাজু হওঁক পৰীক্ষা দিবলৈ।'
উল্লেখ্য ছেবাৰ সচিব-অধ্যক্ষৰ সৈতে হোৱা বৈঠকখনত আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথ, উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও উপস্থিত থাকে।
- Log in to post comments
- 33 views