সমগ্ৰ দেশজুৰি এতিয়া ক’ৰ’নাৰ মহাতাণ্ডৱ চলি আছে ৷ এনে সময়তে চৰকাৰে ক’ভিড বিধি মানি চলিবলৈ দেশবাসীক বাৰম্বাৰ আহ্বান জনাই আহিছে। কাৰ্ফিউ আদি ভংগ কৰাৰ অপৰাধত বহুতকে আৰক্ষীয়ে ৰাজপথত উপৰ্যুপৰি পিটিছে ৷ এনেবোৰ ব্যৱস্থায়ো লৰচৰ কৰিব পৰা নাই বিজেপিৰ একাংশ নেতাক। চৰকাৰে ঘোষণা কৰা লক্ডাউন উলংঘা কৰি এইবাৰ সেয়ে আৰক্ষীৰ ৰোষত পৰিব লগীয়া হ’ল বিজেপিৰ তিনিজনকৈ বিধায়ক। লক্ডাউন অমান্য কৰি আটক হোৱা পশ্চিমবংগৰ এই বিজেপিৰ বিধায়ক কেইগৰাকী হৈছে ক্ৰমে শংকৰ ঘোষ,আনন্দময় বৰ্মণ আৰু শিখা চট্টোপাধ্যায়।
লক্ডাউন অমান্য কৰি এই তিনিওগৰাকী বিজেপিৰ বিধায়কে শিলিগুৰী ছফদৰ হাছমী চ’কত এক প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ আছিল ৷ আৰক্ষীয়ে তিনিওগৰাকী বিধায়ককে প্ৰথমে আটক কৰি থানালৈ লৈ আহে আৰু বহু সময় ধৰি থানাত ৰাখি, সোধপোছ কৰি পিছত থানাৰ পৰা যাবলৈ দিয়ে। বিজেপি বিধায়ক তিনি জনৰ এনে আচৰণক তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তীব্ৰ গৰিহণা দিছে । উল্লেখ্য যে ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে পশ্চিমবংগত ১৫ দিনৰ সম্পূৰ্ণ লক্ডাউন ঘোষণা কৰা ৰখা হৈছে।
- Log in to post comments
- 28 views