ক’ৰ’নাৰ তৃতীয় ঢৌ 'অৱশ্যম্ভাৱী', অধিক 'উন্নত' ভেক্‌চিন প্ৰয়োজন, জনালে কেন্দ্ৰই

covid situation

ক’ৰ’নাৰ দ্বিতীয় ঢৌৰ সংক্রমণত জুৰুলা দেশ। আকৌ আহিবলৈ গৈ আছে ক’ৰ’নাৰ তৃতীয় ঢৌ । কেন্দ্রৰ শীর্ষ বিজ্ঞান উপদেষ্টা ডঃ কে বিজয় ৰাঘৱনে বুধবাৰে জনাইছে, 'ক’ৰ’নাৰ তৃতীয় ঢৌ অৱশ্যম্ভাৱী। কোনোমতেই বাধা দিব পৰা নাযাব ৷ কিন্তু উপায় এটাই। ভেক্‌চিনৰ উন্নতি সাধন। ক’ৰ’নাৰ নতুন প্রজাতিৰ সংক্রমণ ৰোধ কৰিবলৈ দৰকাৰ উন্নত ভেক্‌চিন।' যদিও ঠিক কোন সময়ত দেশত তৃতীয় ঢৌ আহিব সেই সন্দৰ্ভত এতিয়াও নিশ্চিত ভাৱে একো জানিব পৰা হোৱা নাই।

বুধবাৰে এটা চৰকাৰী বিবৃতি প্রকাশ কৰি ৰাঘৱনে জনাইছে, 'ক’ৰ’নাৰ নতুন ষ্ট্ৰেইনৰ সৈতে ভেক্‌চিনৰো পৰিৱৰ্তন প্রয়োজন। এতিয়া যি ভেক্‌চিন আছে সেয়া ক’ৰ’নাৰ দ্বিতীয় ঢৌৰ সংক্রমণ ৰোধ কৰিবৰ বাবে। ইয়াৰ পিছত লাহে লাহে তৃতীয় ঢৌ প্ৰৱেশ কৰিব। ইয়াৰ শক্তি হ’ব বেছি আৰু ই অধিক সংক্রামক হ’ব। তাৰ বাবে উন্নতমানৰ ভেক্‌চিন তৈয়াৰ কৰিব লাগিব।'  

উল্লেখ্য যে, ক’ৰ’নাৰ ডাবল মিউটেন্ট অর্থাৎ দ্বিতীয়বাৰ অভিযোজিত হৈ ভাইৰাছটো অধিক সংক্রামক হৈ উঠিছে। মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে দেশত। বিয়পি পৰিছে বিদেশতো। ভাৰতীয় এই ষ্ট্ৰেইনক লৈ নিত্য-নতুন উদ্বেগ বাঢ়িছে। কিন্তু তাৰ মাজতেই ক’ৰ’নাৰ তৃতীয়বাৰ অভিযোজিত হোৱাৰ আশঙ্কাৰ কথা শুনালে কেন্দ্রই ৷ দুৰাৰোগ্য তৃতীয় মিউটেন্টৰ সংক্রমণ ৰোধ কৰিবলৈ ভেক্‌চিন আপডেট কৰাৰ কথাও জনোৱা হৈছে। এই মুহূর্তত ভাৰতত প্রতিদিনে চাৰে তিনি লাখৰ ওপৰত সংক্রমণ হৈছে। দৈনিক মৃত্যুৰ সংখ্যাও চাৰে তিনি হাজাৰৰ তললৈ নমা নাই।  

Your Comments