নদিনৰ সম্পূৰ্ণ লক্‌ডাউন ঘোষণা কেৰেলাত

Kerela

ক’ৰ’না-পৰিস্থিতিৰ মাজতে ভোট-পর্ব সমাধা হৈছে বহু কেইখন ৰাজ্যত। এইবিলাকৰ মাজত আছে অসম, পশ্চিমবঙ্গ, আৰু কেৰেলাও। ৰাজ্য সমূহৰ নতুন চৰকাৰ গঢ়ি উঠা পর্যন্ত অপেক্ষা আছিল ক’ৰ’না প্ৰতিবিধানক লৈ। এতিয়া এখনৰ পিছত এখনকৈ সেই প্ৰতিখন ৰাজ্যৰ ক’ৰ’না নিয়ন্ত্রণবিধি কঠোৰ হৈছে। ইয়াৰ ফলশ্রুতি হিচাপে এইবাৰ লক্‌ডাউন ঘোষিত হ’ল কেৰেলাতো।

বৃহস্পতিবাৰে কেৰেলা চৰকাৰৰ তৰফৰপৰা এই ঘোষণা কৰা হয়। ৮মে’ শনিবাৰে ৰাতিপুৱা ৬ বজাৰপৰা আৰম্ভ হ’ব এই লক্‌ডাউন । চলিব ১৬ মে’ পর্যন্ত। ইয়াৰ পূৰ্বে কাৰ্যালয়ত উপস্থিতৰ হাৰ কমোৱা, পথত ঘুৰা-ফুৰাৰ নিষেধাজ্ঞা জাৰি হৈছিল সেই ৰাজ্যত। কিন্তু তাতো কাম নহ’লত এইবাৰ সম্পূর্ণ লক্‌ডাউন জাৰি হ’ল।

কেৰেলাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়নে জনাইছিলে, সক্রিয় ৰোগী বৃদ্ধিৰ ফলত অক্সিজেনৰ চাহিদা দ্বিগুণৰো অধিক বৃদ্ধি পাইছে সেই ৰাজ্যত। সেই বাবে সাহায্য বিচাৰি প্রধানমন্ত্রী আৰু গৃহমন্ত্রীক চিঠিও দিছিলে কেৰেলাৰ মুখ্যমন্ত্রীয়ে ৷ কিন্তু সংক্রমণৰ পৰিস্থিতি ভয়াবহতাৰ ফালে গতি কৰাত দ্রুত ভাৱে এই সিদ্ধান্ত লোৱা হৈছে বুলি জনোৱা হৈছে।

Your Comments