ক'ৰ'নাৰ ভয়ংকৰ সংক্ৰমণ:কেৰেলাত ৮ৰ পৰা ১৬ মে'লৈ লকডাউন

Pic

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে অহা ৮ মে'ৰ পুৱা ৬ বজাৰ পৰা ১৬ মে'লৈ ৰাজ্যখনত লকডাউন ঘোষণা কৰিছে।উল্লেখ্য যে  কেৰালাত বুধবাৰে সৰ্বাধিক ৪১,৯৫৩ জন ক'ৰ'না ৰোগী চিনাক্ত হৈছে।মঙলবাৰে ৰাজ্যখনত ৩৭,০০০ কোভিড ৰোগী চিনাক্ত হৈছিল।কোভিড সংক্ৰমণ ৰোধৰ বাবে লকডাউন ঘোষণা কৰা হৈছে।

কেৰালাৰ কোজিকোড়,কোট্টায়াম, এৰ্নাকুলাম,ত্ৰিছুৰ,মালাপ্পুৰম,আলাপুঝা, পালাক্কাড়,তিৰুৱন্তপুৰম,কান্নুৰ আৰু কোল্লাম জিলাত যোৱা দুসপ্তাহ ধৰি কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে।

মুখ্যমন্ত্ৰী বিজয়নে বুধবাৰে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত ১,৬৩,৩২১ টা নমুনা পৰীক্ষা কৰাৰ পিছত ৪১,৯৫৩ জন লোক কোভিড পজিটিভ হোৱাৰ ঘটনাবৃদ্ধিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

Your Comments