পশ্চিম বংগত তৃণমূলৰ উগ্ৰ কৰ্মী-সমৰ্থকে কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰুলীধৰণৰ কনভয়ত আক্ৰমণ কৰাৰ অভিযোগ

Pic

পশ্চিম বংগত অব্যাহত ৰাজনৈতিক হিংসা।বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে জয়লাভ কৰাৰ পিছৰে পৰা তৃণমূলৰ একাংশ উগ্ৰ কৰ্মী-সমৰ্থকে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে।বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰুলীধৰণে অভিযোগ উত্থাপন কৰে যে তেওঁৰ পশ্চিম বংগৰ পশ্চিম মিদনাপুৰ ভ্ৰমণৰ সময়ত শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছৰ গুণ্ডাবোৰে তেওঁৰ কনভয়ত আক্ৰমণ কৰিছে।মন্ত্ৰীজনে টুইটাৰত এই আক্ৰমণৰ এটা ভিডিঅ' পোষ্ট কৰিছে।উল্লেখ্য যে দেওবাৰে ভোট গণনাৰ পিছৰে পৰা সংঘটিত হোৱা নিৰ্বাচনোত্তৰ হিংসাত্মক ঘটনা সন্দৰ্ভত পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অতিৰিক্ত সচিবৰ নেতৃত্বত এটা দলক ৰাজ্যলৈ প্ৰেৰণ কৰিছিল‌।সেই দলটোৰ অংশ আছিল ভি মুৰুলীধৰণ।

মন্ত্ৰীজনৰ এনেদৰে টুইট কৰিছিল-"টিএমচিৰ গুণ্ডাই পশ্চিম মেদিনীপুৰত মোৰ কনভয়ত আক্ৰমণ কৰিছিল। খিৰিকী ভাঙিছিল।ব্যক্তিগত কৰ্মচাৰীক আক্ৰমণ কৰিছিল।এই আক্ৰমণৰ বাবে মোৰ ভ্ৰমণ চমু হৈ পৰিল।"

ভিডিঅ'টোত দেখুওৱা হৈছে যে কনভয়টো লাঠি আৰু ৰ'ডৰে সজ্জিত মানুহে ৰখাইছিল আৰু বাহনখন ক্ষতিগ্ৰস্ত কৰিছিল।

ইফালে,কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ভি মুৰুলীধৰণৰ ওপৰত হোৱা আক্ৰমণৰ তীব্র গৰিহণা দিছে।তেওঁ উল্লেখ কৰে যে যদি পশ্চিম বংগত এজন কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ৰ ওপৰত আক্ৰমণ কৰিব পৰা যায়,তেন্তে তাত কোন সুৰক্ষিত।এয়া পশ্চিম বংগৰ  তৃণমূল চৰকাৰে পৃষ্ঠপোষকতা কৰা হিংসাত্মক ঘটনা।

Your Comments