১০০ মিলিয়ন বছৰ পূৰ্বৰ ডাইনোছৰৰ হাঁড়ৰ জীৱাশ্ম আৱিষ্কাৰ হ’ল মেঘালয়ত

FOSSil

জিয়’ল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়া(GSI)ৰ এদল গৱেষকে কমেও ১০০ মিলিয়ন বছৰৰ পূৰ্বৰ ডাইনোছৰৰ হাঁড়ৰ ২৫ডালতকৈও অধিক ভগ্নাংশ আৱিষ্কাৰ কৰিছে মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাত । জানিব পৰা অনুসৰি, আৱিষ্কৃত ডাইনোছৰৰ হাঁড়সমূহ তিতানোচৰীয়ান পৰিয়ালৰ চাউৰোপড প্ৰজাতিৰ বুলি চিনাক্ত কৰা হৈছে।

Dinosaurs

গৱেষকসকলৰ মত অনুসৰি, এইধৰণৰ ডাইনোছৰৰ অৱশিষ্ট উত্তৰ পূৱত প্ৰথমবাৰৰ বাবে পোৱা গৈছে। ইয়াৰ আগতে ভাৰতৰ কেৱল গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত এইধৰণৰ ডাইনোছৰৰ হাঁড় আৱিষ্কাৰ হৈছিল। 

Sauropod

উল্লেখ্য যে চাউৰোপড প্ৰজাতিৰ ডাইনোছৰৰ ডিঙি আৰু নেজ দীঘল আৰু ইয়াৰ বিশাল শৰীৰৰ অনুপাতে মুখমণ্ডল সৰু। এই প্ৰজাতিবিধৰ চাৰিওটা ভৰি একোটা স্তম্ভৰ দৰে বৃহৎ।

Your Comments