অক্সিজেনৰ অভাৱত কোভিড ৰোগীৰ মৃত্যুৰ ঘটনা 'গণহত্যাতকৈ কম নহয়'-এলাহাবাদ উচ্চ ন্যায়ালয়

Pic

অক্সিজেনৰ অভাৱত কোভিড ৰোগীৰ মৃত্যু সন্দৰ্ভত মঙলবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে কঠোৰ মন্তব্য কৰে।ন্যায়ালয়ে মন্তব্য কৰে যে কেৱল চিকিৎসালয়সমূহলৈ অক্সিজেন যোগান নধৰাৰ বাবে ক'ৰ'না ৰোগীৰ মৃত্যু এটা অপৰাধমূলক কাৰ্য।এয়া "গণহত্যাতকৈ কম নহয়"-য'ত প্ৰশাসন জড়িত হৈ আছে।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু মীৰাট জিলাত অক্সিজেনৰ অভাৱত ক'ৰ'না ৰোগীৰ মৃত্যুৰ বাতৰি সামাজিক মাধ্যমত প্ৰকাশ পোৱা সন্দৰ্ভত আদালতে এই মন্তব্য কৰে। 

উল্লেখ্য যে অক্সিজেনৰ অভাৱত কোভিড ৰোগীৰ মৃত্যুৰ ঘটনাসমূহৰ তদন্তৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।

Your Comments