কেৱল মানৱ শৰীৰতে নহয়, জন্তুৰ শৰীৰতো পোৱা গৈছে ক'ৰ’নাৰ সংক্ৰমণ, আক্ৰান্ত হৈছে কেইবাটাও সিংহ

lion

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শেহতীয়াকৈ প্ৰকাশ পোৱা অনুসৰি হায়দৰাবাদৰ এখন চিৰিয়াখানাত থকা আঠটা এছিয়াটিক সিংহ আক্ৰান্ত হৈছে ক'ৰ’নাত। চেন্টাৰ ফ’ৰ চেলুলাৰ এণ্ড ম’লেচুলাৰ বায়’লজি-এ ২৯ এপ্ৰিলত প্ৰকাশ কৰা অনুসৰি নেহৰু জ’ল’জিকেল পাৰ্ক(NZP)ত থকা সিংহবোৰৰ আৰটি-পিচিআৰ পৰীক্ষা কৰাৰ পাছত আঠটা সিংহৰ দেহত ক’ৰ’নাৰ উপস্থিতি পোৱা গৈছে।

NZPৰ কিউৰেটৰ ডাঃ সিদ্ধানন্দ কুক্ৰেটিয়ে এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও দ্য ইক’নমিক টাইমছৰ  আগত কয় যে, “কিছুমান সিংহৰ শৰীৰত ক’ৰ’নাৰ লক্ষণে দেখা দিছে, কিন্তু এতিয়ালৈকে মই আৰটি-পিচিআৰ ৰিপ’ৰ্ট লাভ কৰা নাই। সেয়ে এই বিষয়ে সঠিকৈ মন্তব্য কৰিব নোৱাৰিম।”

আনহাতে ৱাইল্ড লাইফ ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং চেণ্টাৰ(WRTC)ৰ সঞ্চালক ডাঃ শিৰীষ উপাধ্যায়ে কয় যে ব্ৰনক্স চিৰিয়াখানাৰ আঠটা সিংহৰ ক’ৰ’না পিজিটিভ পোৱা গ’লেও আন সিংহবোৰৰ ৰিপ’ৰ্ট এতিয়াও লাভ কৰা নাই। ডাক্তৰ উপাধ্যায়ৰ মতে পূৰ্বে হংকঙত কুকুৰ আৰু মেকুৰীৰ শৰীৰতো এই ভাইৰাছবিধ পোৱা গৈছিল। এতিয়া  NZPত থকা ১২ টা সিংহৰ ভিতৰত চাৰিটা মাইকী আৰু চাৰিটা মতা সিংহৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি ধৰা পৰিছে।

ইয়াৰ পিছতে NZPক দুদিন পৰ্যটকৰ বাবে বন্ধ কৰা হয়। আনহাতে সম্প্ৰতি NZPৰ ২৫ গৰাকীকৈ কৰ্মচাৰীৰ শৰীৰতো ক’ভিড১৯ৰ অৱস্থিতি ধৰা পৰিছে।

Your Comments