দেশজুৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা হোৱা জনতাৰ ওপৰত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ।অসম,পশ্চিম বংগকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে পুনৰ মূল্যবৃদ্ধি পেট্ৰ'ল আৰু ডিজেলৰ।ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে মঙলবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰিছে।বৰ্তমানৰ মূল্য বৃদ্ধিৰ পিছত,ৰাজধানী দিল্লীত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমান্বয়ে ৯০.৫৫ টকা আৰু প্ৰতি লিটাৰত ৮০.৯১ টকা হ'ব।
ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ তথ্য অনুসৰি দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১৫ পইচা বৃদ্ধি কৰা হৈছে আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১৮ পইচা বৃদ্ধি কৰা হৈছে।মুম্বাইত পেট্ৰ'ল আৰু ডিজেলৰ সংশোধিত মূল্য প্ৰতি লিটাৰত ক্ৰমান্বয়ে ৯৬.৯৫ টকা ৮৭.৯৮ টকা। বৰ্তমান, চাৰিখন মেট্ৰ' চহৰৰ ভিতৰত মুম্বাইত ইন্ধনৰ মূল্য সৰ্বাধিক।মূল্য-সংযোজন কৰৰ বাবে ভাৰতৰ ৰাজ্যসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পৃথক হয়।
উল্লেখ্য যে ৰাজ্যকেইখনৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত কিছু দিন পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি কৰা হোৱা নাছিল।
- Log in to post comments
- 35 views