শনিবাৰৰপৰা আৰম্ভ হৈছে ১৮-৪৪ বছৰ বয়সীয়াসকলৰ টিকাকৰণ। বহুকেইখন ৰাজ্যত টিকা সৰবৰাহৰ অভাৱত শণিবাৰৰপৰা এই কাৰ্যসূচী আৰম্ভ কৰিব নোৱাৰিব বুলি জনাই দিছিল। তাৰ ভিতৰত এটা গুৰুত্বপূর্ণ তথ্য দিলে ক’ভিড টিকাকৰণৰ বাবে গঠিত বিশেষ কমিটিয়ে ৷
কমিটিৰ চেয়াৰপার্চন আৰু CoWINৰ প্রধান আৰ এস ছ শর্মাই এক সর্বভাৰতীয় সংবাদমাধ্যমত জনাইছে, বেচৰকাৰী ক্ষেত্রত ভেক্চিন গ্ৰহণ কৰিলে ১৮-৪৪ বছৰ বয়সীয়াসকলে নিজৰ পছন্দমতে ভেক্চিন বাছি ল’ব পাৰিব। স্বাস্থ্যকর্মী আৰু ৪৫ বছৰতকৈ অধিক বয়সীয়াসকলে যি চৰকাৰী ক্ষেত্রৰপৰা ভেক্চিন লৈছে তেওঁলোকে ভেক্চিন বাছি লোৱাৰ সুযোগ নাপাব।
ইতিমধ্যে ভেক্চিনক লৈ জনসাধাৰণৰ ক্ষোভ বাঢ়িছে। ফলত ১ মে’ৰ পৰা হোৱা টিকাকৰণক লৈ যাতে কোনো বিভ্রান্তি নহয় তাৰ বাবে বিষয়টো অধিক স্পষ্ট কৰি দিছে আৰ এছ শর্মাই ৷ তেওঁ কয় যে, ভেক্চিন বাছি লোৱাৰ সুযোগ একমাত্র পোৱা যাব বেচৰকাৰী ক্ষেত্রত। চৰকাৰী ক্ষেত্রত ক’ৰ’নাৰ যি ভেক্চিন থাকিব সেয়াই দিয়া হ’ব। ক’ৰ’নাৰ দ্বিতীয় ডোজ যি সকলে ল’ব, তেওঁলোকক প্রথম ডোজত যি ভেক্চিন দিয়া হৈছিল সেইটোৱেই দিয়া হ’ব। CoWIN পোর্টালত চাই ল’ব পাৰিব কোন ভেক্চিনৰ দাম কিমান।
- Log in to post comments
- 18 views