দেশত সৰ্বাধিক অক্সিজেন উৎপাদন কৰিবলৈ তৎপৰ হৈছে ৰিলায়েন্স! জামনগৰত সমগ্ৰ ব্যৱস্থাৰ বুজ ল’লে মুকেশ আম্বানীয়ে

Oxygen plant

বৰ্তমান সমগ্ৰ দেশত দেখা দিছে অক্সিজেনৰ সংকটে ! তাৰ মাজতেই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰচেষ্টাই আশাৰ সঞ্চাৰ কৰিছে । মাত্ৰ এটা তৰল অক্সিজেন উৎপাদন কেন্দ্ৰৰ পৰা সৰ্বাধিক LGM উৎপাদন কৰাৰ প্ৰচেষ্টা হাতত লৈছে মুকেশ আম্বানীৰ(ৰিলায়েন্সৰ) এই প্ৰতিষ্ঠানটোৱে।

সমগ্ৰ দেশৰ ক’ভিদ পৰিস্থিতিয়ে বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হস্পিতালত সৰ্বত্ৰে অক্সিজেন আৰু ভৰ্ত্তি হ’বলৈ বিচনাৰ অভাৱ ৷ সকলোতে বিৰাজ কৰিছে উৎকণ্ঠাই ৷ এই অস্থিৰ সময়ত দেশৰ জনসাধাৰণক সহায় কৰিবলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে “ৰিলায়েঞ্চ ফাউণ্ডেনে”। সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি পৰিমাণে “মেডিকেল গ্ৰেড লিকুইড অক্সিজেন” উৎপাদন কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে কাম কৰিছে এই প্ৰতিষ্ঠানটোৱে।

প্ৰণিধানযোগ্য যে বৰ্তমান ভাৰতৰ “মেডিকেল গ্ৰেড লিকুইড অক্সিজেন”ৰ  মুঠ উৎপাদনৰ ১১ শতাংশতকৈ বেছি লিকুইড অক্সিজেন উৎপাদন কৰি আছে  ৰিলায়েন্সে ।

Your Comments