শনিবাৰে নিশা গুজৰাটৰ ভাৰুচত সংঘটিত হ'ল মৰ্মান্তিক ঘটনা।এখন চিকিৎসালয়ত জুই লগাৰ ফলত কমেও ১৮ জন কোভিড ৰোগীৰ মৃত্যু হয়।জুইৰ লগতে ধোঁৱাৰ বাবে উশাহ-নিশাহ ল'ব নোৱাৰি ৰোগীসকলৰ মৃত্যু হয়।
নিশা ১ বজাত কোভিড-১৯ ৱাৰ্ডত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত চাৰিমহলীয়া চিকিৎসালয়খনত প্ৰায় ৫০ জন ৰোগী আছিল।তেওঁলোকক স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে।
"পুৱা ৬.৩০ বজাত পোৱা তথ্য অনুসৰি, দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা আছিল ১৮। অগ্নিকাণ্ডৰ লগে লগে,আমি ১২ জন লোকৰ মৃত্যুৰ নিশ্চিতি পাইছিলো"-এজন আৰক্ষী বিষয়াই সংবাদ মাধ্যমক জনায়।
- Log in to post comments
- 10 views