কোভিড ৰোগীৰ সহায়ৰ বাবে এম্বুলেন্স চালকৰ ভূমিকাত কানাড়া অভিনেতা অৰ্জুন গৌড়া

Pic

কোভিড ৰোগীসকলৰ সহায়ৰ বাবে এম্বুলেন্স চালকৰ ভূমিকাত অৱতীৰ্ণ হৈ এতিয়া দেশবাসীৰ প্ৰশংসা বুটলিছে কানাড়া অভিনেতা অৰ্জুন গৌড়াই।সংকট গ্ৰস্ত নাগৰিকৰ সহায়ৰ বাবে ওলাই আহি অৰ্জুন গৌড়া এতিয়া হৈ পৰিছে "ৰিয়েল লাইফ হিৰো"।বৰ্তমান বেংগালুৰুত কোভিডৰোগীসকলক সহায় কৰিবলৈ এম্বুলেন্স চালক হিচাপে কাম কৰিছে গৌড়াই।বেংগালুৰুত টাইমছৰ সৈতে এক সাক্ষাৎকাৰত অভিনেতাজনে কয়-"মই কেইদিনমানৰ পৰা পথত আছোঁ আৰু  ইতিমধ্যে প্ৰায় আধা ডজন লোকক অন্তিম সংস্কাৰৰ বাবে সহায় কৰিছোঁ।জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোককে সহায় কৰিছোঁ।"

গৌড়াই লগতে কয়-"মই সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিছোঁ,লগতে প্ৰয়োজনীয় প্ৰশিক্ষণ লৈছোঁ।জনতাৰ শুভেচ্ছাৰ বাবে অভিভূত,এইটো মোৰ বাবে বহুত অৰ্থপূৰ্ণ।" কৰ্ণাটকৰ জনসাধাৰণৰ সেৱা আৰু কাম কৰাটো তেওঁৰ প্ৰতিশ্ৰুতি আৰু সন্মান বুলি উল্লেখ কৰে গৌড়াই।

অৰ্জুন গৌড়াৰ লগতে বৰ্তমান চনু সুদ,প্ৰিয়ংকা চোপ্ৰা,জন আব্ৰাহাম,এছ এছ ৰাজমৌলী,তাপসী পন্নুৰ  দৰে চলচ্চিত্ৰ জগতৰ শিল্পীয়ে কোভিড ৰোগীসকলৰ বাবে বিভিন্ন ধৰণেৰে সহায় কৰি আছে।

অৰ্জুন গৌড়াৰ কেইখনমান জনপ্ৰিয় ছবি হৈছে যুৱৰত্না,অডেয়া,ৰুষ্টম।

 

 

 

Your Comments